NORTHEAST NOW (Assamese)
অসম

অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি দিয়াৰ ভাবুকি দিয়া ছাৰ্জিল ইমামক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2020 9:50 am

অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি দিয়াৰ ভাবুকি প্ৰদান কৰা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাৰ্জিল ইমামক ১৮ ফেব্ৰুৱাৰিত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

হিংসাত্মক ‘কা’ বিৰোধী আন্দোলনত জড়িত থকা আৰু শ্বাহিনবাগত দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি অনা মন্তব্য দিয়া আদি ঘটনাৰে জড়িতৰ অভিযোগত ছাৰ্জিল ইমামক গ্ৰেপ্তাৰ কৰা হৈছিল।

ছাৰ্জিলক ১৮ ফেব্ৰুৱাৰিত আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে ছাৰ্জিলৰ ন্যায়িক জিম্মাৰ ম্যাদ ৩ মাৰ্চ পৰ্যন্ত বৃদ্ধি কৰিছিল।

উল্লেখযোগ্য যে শ্বাহিনবাগৰ প্ৰতিবাদস্থলীত ভাষণ দি থাকোতে চাৰ্জিলে ‘অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি দিয়াটো আমাৰ দায়িত্ব। এইয়া হ’লেহে চৰকাৰে আমাৰ কথা শুনিব’ বুলি এক মন্তব্য কৰিছিল।

ইয়াৰ পাছতে ইমামক দিল্লী আৰক্ষীৰ এটা দলে ২৮ জানুৱাৰিৰ দুপৰীয়া প্ৰায় ৩ মান বজাত বিহাৰৰ জাহানাবাদৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে, দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে চলোৱা জেৰাত চাৰ্জিলে চাহিনবাগৰ ‘কা’ বিৰোধী প্ৰতিবাদস্থলীত দিয়া বিতৰ্কিত ভাষণৰ ভিডিঅ’টোত কোৱা কথাখিনি তেওঁৰ বুলি স্বীকাৰ কৰিছিল।

ইমামে লগতে উক্ত কথাখিনি আৱেগতে তেওঁৰ মুখৰ পৰা ওলাইছিল বুলিও জেৰাত স্বীকাৰ কৰিছিল।