NORTHEAST NOW (Assamese)
অসম

আমাৰ সৈতে ভাৰতৰ আচৰণ ভাল নহয়, কিন্তু প্ৰধান মন্ত্ৰী মোদীক পছন্দ কৰো : ডোনাল্ড ট্ৰাম্প

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 19, 2020 7:32 pm
gallery_xlarge-750x375

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কয় যে তেওঁ ভাৰতৰ সৈতে বৃহৎ ব্যৱসায়িক চুক্তি কৰিব বিচাৰে যদিও এয়া ভৱিষ্যতলৈকে ৰখা হৈছে।

ট্ৰাম্পে অভিযোগ কৰে যে ভাৰতে আমেৰিকাৰ সৈতে ব্যৱসায়িক ক্ষেত্ৰত ভাল আচৰণ নকৰে যদিও তেওঁ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক বহুত পছন্দ কৰে আৰু দুয়ো ভাল বন্ধু।

ট্ৰাম্পে অৱশ্যে ভাৰত ভ্ৰমণৰ পূৰ্বে ব্যৱসায় চুক্তিৰ সন্দৰ্ভত কৈছিল যে আমি এক ভাল চুক্তি কৰিম। পিচে, এতিয়া তেওঁ কৈছে যে এই বৃহৎ চুক্তি আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে হ’বনে নহয় সেয়া সিদ্ধান্ত হোৱা নাই।

ডোনাল্ড ট্ৰাম্পৰ এই বক্তব্যৰ পাছত অনুমান কৰিব পৰা হৈছে যে অহা সপ্তাহত তেওঁৰ ভাৰত ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত বাণিজ্য সম্বন্ধীয় কোনো দ্বিপাক্ষিক চুক্তি নহয়।

অৱশ্যে, বাতৰি অনুসৰি ট্ৰাম্পে ভাৰতৰ সৈতে এক ক্ষুদ্ৰ বাণিজ্যিক পেকেজত বুজাবুজি কৰিব পাৰে।

উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অহা ২৪-২৫ ফেব্ৰুৱাৰিত নতুন দিল্লী আৰু আহমেদাবাদ ভ্ৰমণৰ কাৰ্যসূচী লৈ ভাৰতলৈ আহিব।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এইটো প্ৰথম ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই ২০১০ আৰু ২০১৫ চনত দুবাৰভাৰত ভ্ৰমণ কৰিছিল।