NORTHEAST NOW (Assamese)
অসম

অসম আৰক্ষীৰ ভুল; গীতানগৰ আৰক্ষী থানাত হাজিৰ হ’ব লগা হ’ল সাংবাদিক মনজিৎ মহন্ত

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 20, 2020 3:40 pm
Manjit Mahanta

ৰাজ্যৰ জেষ্ঠ সংবাদিক মনজিৎ মহন্ত আজি ৰাতিপুৱা গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাত হাজিৰ হয়।

আজি ৰাতিপুৱা ১১ বজাত গীতানগৰ আৰক্ষী থানাত হাজিৰ হোৱাৰ বাবে জাননী জাৰি কৰা হৈছিল মনজিৎ মহন্তক।

তিনিচুকীয়া জিলাৰ পানীতোলাৰ এখন গাঁৱত নাগৰিকত্ব সংশোধন আইনৰ বিৰুদ্ধে এখন সভাত মহন্তই দিয়া ব্যক্তব্যৰ আলম লৈ চৰকাৰে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল বুলি মহন্তই অভিযোগ উত্থাপন কৰে।

ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ অভিযোগেৰে মহন্তৰ বিৰুদ্ধে তিনিচুকীয়া সদৰ থানাত ১৫৮/২০২০ নম্বৰত  CrPC ৰ 120 (B), 121 (A), 121, 294, 353, 505, আৰু 34 ৰ অধীনত গোচৰ ৰুজু হৈছিল বুলি জানিব পৰা গৈছে।

‘‘এয়া বি জে পি চৰকাৰৰ ষড়যন্ত্ৰ। আমি হেনো ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছো।চৰকাৰী কৰ্মচাৰীক শাৰীৰিকভাৱে অপদস্থ কৰিছোঁ/ চৰকাৰী কৰ্তব্য সম্পাদনত বাধাদান কৰিছোঁ, ৰাষ্ট্ৰৰ বিৰুদ্ধে ৰাইজক উচটনি দিছোঁ… ইত্যাদি,” মহন্তই সাংবাদ মাধ্যমৰ আগত কয়।

আনহাতে, গীতানগৰ থানাত মহন্ত হাজিৰ হোৱাৰ পাছতে গীতানগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে মহন্তৰ গোচৰ সম্পৰ্কে অৱগত নহয় বুলি প্ৰকাশ কৰে।

আৰক্ষী অধীক্ষক গৰাকীয়ে এই সম্পৰ্কত তিনিচুকীয়া আৰক্ষীলৈ ফোন কৰাত তিনিচুকীয়া আৰক্ষীয়ে ভুলবশত মহন্তক গীতানগৰ থানালৈ মতা বুলি জাননী জাৰি কৰা বুলি উল্লেখ কৰে।

ইয়াৰ পাছতে গীতানগৰ থানাৰ পৰা ওলাই আহে জেষ্ঠ সাংবাদিক গৰাকী।