NORTHEAST NOW (Assamese)
অৰুণাচল

১৫ ফেব্ৰুৱাৰিত নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব দৰ্জী খাণ্ডু ৰাজ্যিক সভাকেন্দ্ৰ

Posted by: প্ৰনব কুমাৰ দাস February 13, 2018 9:09 pm
Dorjee Khandu State Convention Centre

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুৱে আজি ইটানগৰৰ আই জি পাৰ্কত নতুনকৈ নিৰ্মাণ কৰা অত্যাধুনিক দৰ্জী খাণ্ডু ৰাজ্যিক সভাকেন্দ্ৰটো নিৰীক্ষণ কৰে।

অহা ১৫ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উক্ত কেন্দ্ৰটো উদ্বোধন কৰিব।

ৰাজ্যিক সভাকেন্দ্ৰটোত ১০০০ গৰাকী লোক বহিব পৰা প্ৰধান প্ৰেক্ষাগৃহ, ৩টা সৰু সভাগৃহ, ৰেষ্টোৰাঁ, প্ৰশাসনিক ভৱন তথা সংবাদ মাধ্যমৰ বাবেও নিৰ্দিষ্ঠ থাই থকাৰ লগতে এটা মুকলি প্ৰক্ষাগৃহ থাকিব।

সভাকেন্দ্ৰটোৰ প্ৰৱেশদ্বাৰত আবো টানি, জীত এনী, তেওঁলোকৰ পুত্ৰ আৰু কুকুৰ (কিপু)ৰ প্ৰতিমুৰ্তি স্থাপন কৰা হৈছে।

অত্যধুনিক প্ৰযুক্তিৰে সাজি উলিওৱা সভাকেন্দ্ৰটোৰ প্ৰক্ষাগৃহটো ৰাজ্যখনৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ প্ৰেক্ষাগৃহ। ইয়াত ছেমিনাৰ, চলচ্চিত্ৰ প্ৰদৰ্শনী, থিয়েটাৰ তথা সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান পৰিবেশনৰ সুবিধা থাকিব।

আজি পুৱাৰ ভাগত মুখ্য মন্ত্ৰী গৰাকীয়ে প্ৰধান মন্ত্ৰীৰ ভ্ৰমণক লৈ ৰাজ্যপাল বিডি মিশ্ৰৰ সৈতে আলোচনাত বহে, আলোচনাটোত ৰাজ্যৰ মুখ্য সচিব সত্য গোপালো উপস্থিত আছিল।