NORTHEAST NOW (Assamese)
Popular Stories

পুনমৰ বিধ্বংসী বলিঙেৰে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি মহিলা টি-২০ বিশ্বকাপত ভাৰতৰ সুন্দৰ আৰম্ভণি

Posted by: ভাস্কৰ কলিতা Updated by: ভাস্কৰ কলিতা February 21, 2020 4:47 pm
Womens T 20

আজিৰে পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হোৱা মহিলা টি-২০ বিশ্বকাপৰ ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন খেলত ভাৰতে অষ্ট্ৰেলিয়াক ১৭ ৰানত পৰাস্ত কৰি বিশ্বকাপত সুন্দৰ আৰম্ভণি কৰিছে।

মহিলা টি-২০ ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াই টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ভাৰতে প্ৰথমে বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১৩২ ৰান সংগ্ৰহ কৰে।

ভাৰতৰ হৈ দুই তাৰকা বেটছমেন স্মৃতি মন্ধনা (১০) আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰ(২) ব্যৰ্থ হোৱা বাবে দলে বৃহৎ স্কোৰ থিয় কৰোৱাত ব্যৰ্থ হলেও দিপ্তী শৰ্মাৰ ৪৯ ৰানৰ দায়িত্বশীল ইনিংছৰ সহায়ত প্ৰত্যয়জনক স্কোৰ কৰিবলৈ সমৰ্থ হয়।

অষ্ট্ৰেলিয়াৰ হৈ বলিঙত জেচ জোনাছনে দুটা আৰু ইলেছ পেৰী আৰু দেলিচা কিমিনচে এটাকৈ উইকেট দখল কৰে।

আনহাতে, ভাৰতে বান্ধি দিয়া ১৩৩ ৰানৰ বিজয় লক্ষ্য আগত ৰাখি অষ্ট্ৰেলিয়াই অপেনাৰ এলেচা হেলীৰ ৫১ ৰানৰ আক্ৰমণাত্মক ইনিংছৰ সহায়ত সঠিকভাৱে আগবাঢ়ে যদিও মধ্যক্ৰমত ভাৰতৰ পুনম যাদৱে চমৎকাৰ বলিঙেৰে অষ্ট্ৰেলিয়াৰ মিডল অৰ্ডাৰৰ কামিহাড় ভাঙি দিয়ে।

পুনমৰ তীক্ষ্ণ বলিঙৰ বাবে অষ্ট্ৰেলিয়াৰ ইনিংছ নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১১৫ ৰানত থমকি ৰয়।

পুনমে ৪ অভাৰত মাত্ৰ ১৯ ৰান দি চাৰিটা উইকেট দখল কৰে। পুনমৰ উপৰিও শিখা পাণ্ডে ৩ টা আৰু ৰাজেশ্বৰী গাইকোৱাডে এটা উইকেট দখল কৰে।

ভাৰত খেলখনত জয়ী হলেও ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য বেটছমেন স্মৃতি মন্ধনা ফিল্ডিং কাৰৰ সময়ত আঘাতপ্ৰাপ্ত হয়।

স্মৃতিৰ আঘাত কিমান গুৰুতৰ সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও তেওঁ খেলৰ বাকী সময়ছোৱা ফিল্ডিং কৰাৰ পৰা বিৰত থাকে।