NORTHEAST NOW (Assamese)
অসম

দৌৰ-চাঞ্চল্য ৫ বছৰীয়া গীতাঞ্জলিক সহায়ৰ বাবে আহিছে বিভিন্নজন; সহায় কৰিব অসম চৰকাৰেও

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 21, 2020 4:29 pm
Geetanjali Boruah

কণমানি দৌৰ-প্ৰতিভা যোৰহাটৰ নাওশলীয়া গ্ৰেজিং গাঁৱৰ গীতাঞ্জলি বৰুৱাক তেওঁৰ প্ৰতিভাৰ উপযুক্ত বিকাশৰ বাবে অসম চৰকাৰে সহায় কৰাৰ সিদ্ধান্ত লৈছে।

আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ ফেইচবুক টাইমলাইনত কণমানিজনীৰ এখন ফটোৰ সৈতে এই সহায়ৰ কথাৰে এটা পোষ্ট দিয়ে।

“অসমৰ চুকে-কোণে নিহিত হৈ আছে বহু ক্ৰীড়া প্ৰতিভা। যোৰহাটৰ নাওশলীয়া গ্ৰেজিং গাঁৱৰ কণমানি গীতাঞ্জলি বৰুৱাই দৈনিক কেইবা কিমি. দৌৰি নিজৰ উজ্জ্বল প্ৰতিভা দাঙি ধৰিছে। ভৱিষ্যতে এগৰাকী দৌৰবিদ হোৱাৰ সপোন পুহি ৰখা গীতাঞ্জলিক অসম চৰকাৰৰ তৰফৰপৰা সকলোধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱা হ’ব। কণমানিজনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।”, মুখ্য মন্ত্ৰীৰ পোষ্টটোৰ বক্তব্য।

উল্লেখযোগ্য যে দুখীয়া পৰিয়ালৰ কণমানিজনীয়ে দৈনিক ১৪-১৫ কিলোমিটাৰকৈ দৌৰাৰ বিষয়ে এটা ইলেকট্ৰনিক সংবাদ প্ৰতিষ্ঠানে পোহৰলৈ আনিছিল।

তাৰ পিছতে ৫ বছৰীয়া এই বিৰল প্ৰতিভাটিক আগুৱাই যোৱাত সহায় কৰিবলৈ বিভিন্নজন আগ বাঢ়ি আহে।

কণমানিজনীৰ ঘৰলৈ গৈ কোনোবাই স্প’ৰ্টছ শ্বু, কোনোবাই ট্ৰেক ছ্যুট, কোনোবাই টকা আদি যেই যিদৰে পাৰে সহায় কৰা দেখা গৈছে।

দিন হাজিৰা কৰা দেউতাকৰ মতে, গীতাঞ্জলিয়ে দীৰ্ঘদিনৰ পৰা পুৱা দৈনিক ১৪-১৫ কিলোমিটাৰকৈ অনায়সে দৌৰি আহিছে। সেই সময়ত তেওঁ গীতাঞ্জলিক সংগ দিয়ে আৰু তাৰ পিছতহে কামলৈ ওলাই যায়।