NORTHEAST NOW (Assamese)
Popular Stories

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ চূড়ান্ত প্ৰতিবেদন দাখিল CBI-ৰ! বিজেপি আৰু শিৱসেনাৰ মাজত তুমুল বাক-বিতণ্ডা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 23, 2025 8:30 pm

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চূড়ান্ত প্ৰতিবেদন দাখিল কৰাৰ পিছতে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক বাকযুদ্ধ তীব্ৰতৰ হৈ পৰিছে। মহাৰাষ্ট্ৰ কংগ্ৰেছ আৰু শিৱসেনা (উদ্ধৱ বালাছাহেব থাকৰে) ফৈদে মহা বিকাশ আঘাদী (এমভিএ) মিত্ৰজোঁটৰ অংশীদাৰ হৈ ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলাইছে।

মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুখপাত্ৰ শচীন সাৱন্তই বিজেপিক খন্দা মাৰিবলৈ ছচিয়েল মিডিয়াত নামি কয়, “চিবিআইৰ চূড়ান্ত প্ৰতিবেদনে প্ৰমাণ কৰিছে যে বিজেপিৰ এই লেতেৰা ৰাজনীতি বিফল হৈছে। তেওঁলোকে সুশান্তৰ মৃত্যুক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি কংগ্ৰেছ, অবিভক্ত এনচিপি আৰু শিৱসেনাকে ধৰি তেতিয়াৰ এমভিএ চৰকাৰক কলংকিত কৰিছিল আৰু বিহাৰ নিৰ্বাচনত সফলতা লাভৰ চেষ্টা কৰিছিল।” তেওঁ আৰু অভিযোগ কৰে যে, “বিহাৰত শূন্য এফআইআৰ দাখিল কৰা হৈছিল, যিটো চিআৰপিচি উলংঘা। তাৰ পিছত গোচৰটো চিবিআইক গতাই দিয়া হৈছিল, যিটো আন এক আইন উলংঘা।”

মুম্বাইৰ বিশেষ আদালতত চিবিআইয়ে তদন্তৰ ফলাফল দাখিল কৰিছে। এতিয়া আদালতে এই প্ৰতিবেদন গ্ৰহণ কৰিব নে অধিক তদন্তৰ নিৰ্দেশ দিব সেইটো সিদ্ধান্ত লব। সাৱন্তই কয়, “এই গোচৰত তিনিটা তদন্তকাৰী সংস্থা মোতায়েন কৰা হৈছিল। বিশ্বমানৰ মুম্বাই আৰক্ষীক বদনাম কৰা হৈছে। নিশাটোৰ ভিতৰতে ছচিয়েল মিডিয়াত লাখ লাখ ভুৱা একাউণ্ট সৃষ্টি কৰি সুশান্তক হত্যা কৰা আৰু এমভিএ চৰকাৰে ইয়াক ঢাকি ৰখাৰ কাহিনী প্ৰচাৰ কৰা হৈছিল।”

শিৱসেনাৰ আক্ৰমণঃ বিজেপিক “ভণ্ড” বুলি অভিহিত কৰা হৈছে।

শিৱসেনাৰ নেতা সঞ্জয় ৰাউটেও বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে, “বিজেপিয়ে এই গোচৰটো ৰাজনৈতিক লাভালাভৰ বাবে ব্যৱহাৰ কৰিছে। তেওঁলোকে বিৰোধীক কলংকিত কৰাৰ কোনো সুযোগ হেৰুৱাব নোৱাৰে। তেওঁলোক ভণ্ড।” বিজেপিয়ে ভুৱা অভিযোগ উত্থাপন কৰি সুশান্তৰ মৃত্যুক কেন্দ্ৰ কৰি ৰাজনৈতিক মঞ্চৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাউতে। তেওঁ আৰু কয়, “চিবিআইৰ প্ৰতিবেদনত স্পষ্ট যে সুশান্তক কোনেও আত্মহত্যাৰ বাবে উচটনি দিয়া নাছিল। অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ খাৰিজ কৰা হৈছে।”