NORTHEAST NOW (Assamese)
Popular Stories

এন আৰ চিত অন্তৰ্ভুক্ত ‘সন্দেহযুক্ত মানুহ’ৰ নাম! ৰাজ্যিক সমন্বয়ক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2020 2:52 pm
NRC-Assam

এন আৰ চিৰ চূড়ান্ত তালিকাত ‘সন্দেহযুক্ত মানুহ’ অন্তৰ্ভুক্ত হৈছে ! এই দাবী এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ।

যোৱা ১৯ ফেব্ৰুৱাৰীত এন আৰ চিৰ জিলা কাৰ্যালয়বোৰলৈ প্ৰেৰণ কৰা  ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ স্বাক্ষৰিত এক পত্ৰত এই কথা উল্লেখ কৰা হৈছে।

’৩১ আগষ্ট ২০১৯ত প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাত কিছুমান সন্দেহজনক মানুহৰ নাম অন্তৰ্ভুক্ত হৈছে। আৰু এই সম্পৰ্কে ভাৰতীয় মহাপঞ্জীয়ক জনোৱা হৈছে।’ বুলি পত্ৰখনত কোৱা হৈছে।

এই ‘সন্দেজনক ব্যক্তি’ বুলি ডি ভোটাৰ, ডিক্লাৰেড ফৰেইনাৰ, ট্ৰিবুনেলত পেণ্ডিং হৈ কেচবোৰৰ ফেৰেইনাৰ, ডি ভোটাৰ নাতি-পুতি, ঘোষিত বিদেশীৰ নাতি-পুতি, ট্ৰিবুনেলত পেণ্ডিং হৈ কেচবোৰৰ ফৰেইনাৰৰ নাতি-পুতিসকলক চিহ্নিত কৰা হৈছে।

আছাম পাব্লিক ৱৰ্কছে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আবেদনৰ বাবে এ আৰ চিত অন্তৰ্ভুক্ত ৮ মিলিয়ন অবৈধ অনুপ্ৰৱেশকাৰী তথ্য-পাতি পুনৰীক্ষণ কৰা হ’ব বুলিও কোৱা হৈছে।

ইফালে আছাম পাব্লিক ৱৰ্কছৰ অভিজিৎ শৰ্মাই কয় যে ‘যোৱা বছৰ প্ৰকাশিত এন আৰ চিৰ চূড়ান্ত তালিকাত ‘সন্দেহজনক মানুহ’ৰ নাম অন্তৰ্ভুক্ত হৈছে।এন আৰ চিৰ প্ৰক্ৰিয়াটোত খুঁত ৰৈ গৈছিল বুলি আমি দাবী কৰিছিলো। সেয়ে উচ্চতম ন্যায়ালয়ত আমি গোটেই প্ৰক্ৰিয়াটো পুনৰ পৰক্ষীণৰ বাবে আবেদন জনাইছিলো।’