NORTHEAST NOW (Assamese)
Popular Stories

আপোনাৰ ঘৰত ছোৱালী আছে নেকি? যদি আছে চৰকাৰে আপোনাক দিব ৬ লাখ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2020 4:18 pm
girl

যদি আপোনাৰ ঘৰত ছোৱালী আছে তেনে আপুনি লাভ কৰিব ৬ লাখ টকা।

চৰকাৰৰ ‘সুকন্যা সমৃদ্ধি যোজনা’ৰ অধীনত ছোৱালীজনীয়ে লাভ কৰিব পাৰিব এই সুবিধা।

ছোৱালীজনীৰ ১০ বছৰ হোৱালৈকে এই সুবিধা লাভ কৰিব অভিভাৱকে। অৰ্থাৎ ১০ বছৰ অনুৰ্দ্ধৰ ছোৱালীৰ অভিভাৱকেহে এই সুবিধাৰ বাবে আবেদন কৰিব পাৰিব।

এই সুবিধা লাভ কৰিবলৈ ছোৱালীজনীৰ নামত অভিভাৱকে ডাকঘৰ বা চৰকাৰী বেংকত এটা একাউন্ট খুলিব লাগিব।

ইয়াৰ বাবে চৰকাৰে ‘সুকন্যা সমৃদ্ধি যোজনা’ আঁচিনখনৰ অধীনত এখন ফৰ্ম যোগান ধৰিব।আৰু এই ফৰ্মখনৰ যোগেদি ‘সুকন্যা সমৃদ্ধি যোজনা’ আঁচনিৰ অধীনত ডাকঘৰ বা  চৰকাৰী বেংকত ছোৱালীজনীৰ নামত এটা একাউন্ট খুলিব পাৰিব।

এই আঁচনিৰ জৰিয়তে চৰকাৰে হিতাধিকাৰী ছোৱালীজনীক কিছুমান আৰ্থিক সুবিধা প্ৰদান কৰিব। আৰু ইয়াৰ দ্বাৰা দুখীয়া পৰিচয়ালসমূহ বেচ উপকৃত হ’ব বুলি চৰকাৰে আশা কৰিছে।

পিছে এই আঁচিনৰ কিছু সৰুসুৰা চৰ্ত আছে। অৰ্থাৎ এই সুবিধা বিনামূল্যে উপলব্ধ নহ’ব।

তাৰবাবে ছোৱালীজনীৰ একাউন্টত মাহিলী ২৫০ টকাকৈ জমা কৰিব লাগিব। মাহিলী ২৫০ টকাকৈ ছোৱালীজনীৰ একাউণ্টত ১৪ বছৰ জমা কৰিব লাগিব।অৰ্থাৎ মাত্ৰ ৪২ হাজাৰ টকাৰ বিনিময়ত ছোৱালীজনীৰ ছোৱালীজনীয়ে ২১ বছৰ সম্পূৰ্ণ কৰাৰ পিছত ৬ লাখ টকা লাভ কৰিব পাৰিব।

এই আঁচিনৰ অধীনত লাভ কৰা ধনৰাশিৰ বাবে একাউণ্ট হ’ল্ডাৰে কোনো কৰো ভৰিব নালাগে।

আশা কৰা হৈছে এই ‘সুকন্যা সমৃদ্ধি যোজনা’ই ছোৱালীজনীৰ লগতে অভিভাৱককো আৰ্থিক নিৰাপত্তা প্ৰদান কৰিব।

এই আঁচনিৰ হিতাধিকাৰী ছোৱালীজনী কোনো কাৰণত যদি মৃত্যুও হয় তেনে চৰকাৰে সুতৰ সৈতে জমাধন ৰাশি অভিভাৱকক ঘূৰাই দিব।

ছোৱালীজনীৰ এই একাউণ্ট খুলিবলৈ অভিভাৱকৰ ৰেচন কাৰ্ড, আই ইড প্ৰুফ আৰু দুখন পাছপ’ৰ্ট চাইৰ ফ’টো লাগিব।

‘সুকন্যা সমৃদ্ধি যোজনা’ নামৰ এই আঁচিনখন আৰম্ভ কৰিব উত্তৰ প্ৰদেশ চৰকাৰে।