NORTHEAST NOW (Assamese)
অসম

ঘৰৰ সন্মুখতে দা-কুঠাৰেৰে মৰিয়াই হত্যা এজন যুৱকক

Posted by: নিৰ্মলানেন্দু পাঠক Updated by: নিৰ্মলানেন্দু পাঠক February 23, 2020 3:23 pm

যোৰহাট জিলাৰ টীয়কৰ চটাই ঘৰফলীয়াত যোৱা নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। পৰাগ চাংমাই গগৈ নামৰ এজন যুৱকক মৰিয়াই হত্যা কৰে প্ৰভাত গগৈ আৰু গৌতম গগৈ নামৰ দুজন যুৱকে।

পৰাগৰ ঘৰৰ সন্মুখতে কুঠাৰ, দাৰে উপৰ্যপুৰি আক্ৰমণেৰে হত্যা কৰি যুৱক দুজনে ঘটনাস্থলৰ পৰা পলায়ন কৰে।

সম্প্ৰতি প্ৰভাতক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে যদিও গৌতম গগৈ নামৰ আনজন অভিযুক্ত পলাতক অৱস্থাত আছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, দুদিন পূৰ্বে পৰাগৰ পৰিয়ালৰ সৈতে সূত্ৰপাত হোৱা বিবাদৰ বাবেই প্ৰভাত আৰু গৌতমে পৰাগৰ দেউতাকক মাৰপিট কৰিছিল।

এই ঘটনা সন্দৰ্ভত লাহদৈগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে অভিযুক্ত যুৱক দুজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। এই ক্ষেত্ৰত আৰক্ষীয়ে গোচৰীয়াৰ পৰা ধন দাবীৰ অভিযোগ কৰিছে পৰাগ চাংমাই গগৈৰ পত্নীয়ে।

ইফালে নিশা সংঘটিত হত্যাকাণ্ডটোৰ পিছৰে পৰা অঞ্চলটোত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। আৰক্ষীৰ নিস্ক্ৰিয় ভুমিকাৰ বাবেই হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।