NORTHEAST NOW (Assamese)
অসম

সাংবাদিকক আক্ৰমণ কৰাৰ অপৰাধত পশ্চিম কাৰ্বি আংলঙত দুজনক জেললৈ

Posted by: নংগী তেৰাং February 13, 2018 10:11 pm
Jail-570x320

পশ্চিম কাৰ্বি আংলঙত সাংবাদিকক আক্ৰমণ কৰাৰ অপৰাধত দুজন লোকক কালি জেললৈ প্ৰেৰণ কৰা হৈছে। লোক দুজন হ’ল ক্ৰমে অজিত বৰদলৈ আৰু মনোজ কুমাৰ বৰদলৈ। তেওঁলোক দুয়োজনকে হামৰেন জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰামতে দুয়োজনৰ বিৰুদ্ধে যোৱা ১২ ফেব্ৰুৱাৰিত এটা বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত সাংবাদিকক আক্ৰমণ কৰাৰ অপৰাধত বৈথালাংছো আৰক্ষী থানাত এটা গোচৰ ৰুজু (No 09/18 under section 341/325/427/34 of IPC) কৰা হৈছিল।

সূত্ৰটোৱে কয় যে উক্ত দিনা পশ্চিম কাৰ্বি আংলঙত অজিত বৰদলৈ আৰু মনোজ বৰদলৈয়ে নগাওঁ জিলাৰ সাংবাদিককেইজনক পথৰ নিৰ্মাণ কাৰ্য্যৰ ভিডিঅ’ কৰি থকা অৱস্থাত আক্ৰমণ কৰিছিল।

আনহাতে পশ্চিম কাৰ্বি আংলঙত ঘটা এই আক্ৰমণৰ ঘটনাক সংবাদকৰ্মী সমাজে গৰিহণা দিয়াৰ লগতে অপৰাধীৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’বলৈ দাবী জনাইছিল।

আক্ৰমণৰ ঘটনাটোত আহতকেইজন হ’ল প্ৰাগ নিউজৰ পুষ্প চৌধুৰী, প্ৰতিদিন টাইমৰ পুষ্পেন্দ্ৰ বৰা আৰু মাধৱ ভূঞা।