NORTHEAST NOW (Assamese)
অসম

ততকালত কন্ফাৰ্ম টিকেট পোৱাৰ সুবিধা বাঢ়িল ।।সবিশেষ

Posted by: এন ই নাও নিউজ February 23, 2020 6:14 pm
79073-trainticketcounter-pixabay

ততকাল টিকেট বহু এজেণ্ট/ দালালে ছফটৱেৰ লগাই সৰহকৈ কাটি ঠোৱাৰ ফলত টিকেট পোৱাত যাত্ৰীৰ অসুবিধা হৈছিল।

এতিয়া আৰ পি এফে কিছুদিন পূৰ্বে এনে এক চক্ৰ উৎখাত কৰিছে ফলত টিকেট পোৱাৰ সম্ভাৱনা বাঢ়িব বুলি কৈছে।

ইগজেকিউটিভ ক্লাছ আৰু এ চি ফাৰ্ষ্ট ক্লাছৰ বাহিৰে অন্য সকলো ক্ষেত্ৰতে ততকালৰ সুবিধা আছিল।

ততকাল টিকেট কেতিয়া বুক কৰিব পাৰি?

যাত্ৰাৰ দিনতকৈ এদিন আগত ততকাল কৰিব পাৰি।

পুৱা 10:00 AMৰ পৰা এ চি ক্লাছ যথা 2A, 3A, CC, EC, 3E কোচত আৰু 11:00 AM ৰপৰা Non AC ক্লাছ যথা SL, FC, 2S কোচত টিকেট্ কৰিব পাৰি।

ততকাল টিকেটৰ দাম কিমান?

ততকাল টিকেটৰ দাম ছেকেণ্ড ক্লাছৰ ক্ষেত্ৰত মূল ভাৰাৰ ১০ শতাংশ আৰু আন সকলো ক্লাছৰ ক্ষেত্ৰত মূল ভাৰাৰ ৩০ শতাংশ।

ততকাল টিকেট চিধা কনফাৰ্ম হয়্গৈ, জেনেৰেল ৱাইটিং লিষ্টত নাহে।