NORTHEAST NOW (Assamese)
অসম

মাঘ বিহুক আদৰাত ব্যস্ত টীয়কৰ লাহিং লক্ষ্মীবাৰীবাসী ৰাইজ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক January 10, 2021 2:04 pm
বিহুৰ প্ৰস্তুতি

কৰ’ণাৰ সন্ত্ৰাস ক্ৰমে হ্ৰাস হোৱাৰ সমান্তৰালভাৱে পুহ মাহৰ ঠেটুৱৈ ধৰা জাৰৰ মাজতো অসমবাসীয়ে চলাইছে অসমীয়াৰ চেনেহৰ ভোগৰ উৎসৱ ভোগালীক আদৰাৰ প্ৰস্তুতি।

ইয়াৰ ব্যতিক্ৰম নহয় যোৰহাট জিলাৰ টীয়কো l টীয়কৰ লাহিং লক্ষ্মীবাৰী অঞ্চলৰ ৰাইজো একত্ৰিত হৈ মাঘ বিহুৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

গাঁৱৰ যুৱচামে নৰাৰে ধুনীয়াকৈ ভেলা ঘৰ, মেজি খৰিৰ বাবে বাঁহ, কাঠ ফলাত ব্যস্ত। লগতে উৰুকাৰ নিশাৰ বাবে হাঁহ, মাছৰ যোগাৰ কৰিছে।

গাঁওখনৰ ঘৰে ঘৰে আয়তি সকলেও পৰম্পৰাগত খাদ্য পিঠা-পনা, জলপান আদি প্ৰস্তুতিত ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ তাৰ মাজতে সময় উলিয়াই ডেকাচামক কামত সহযোগিতা কৰিছে।

গাঁৱৰ ডেকা-বুঢ়া সকলো উক্ত স্থানত মিলিত হৈ কামৰ মাজতে বিহু গীতৰ তালে তালে নাচি আনন্দত আত্মহাৰা হৈ পৰিবেশ অতিকৈ জীপাল কৰি তুলিছে।

উল্লেখযোগ্য যে পূৰ্বৰ পৰম্পৰা নৱপ্ৰজন্মৰ সন্মুখত প্ৰদৰ্শন কৰাৰ লগতে অসমীয়া সমাজৰ পৰা ক্ৰমাৎ হেৰাই যাব ধৰা থলুৱা বহু গ্ৰাম্য ক্ৰীড়া অনুস্থিত কৰাৰো দিহা কৰিছে উদ্যোক্তাসকলে।

বিহুৰ দিনা পুৱা মেজিৰ তলত সকলোৱে চাহ জলপান খাই মেজি প্ৰাংগণতে টেকেলি ভঙা, ৰচী টনাকে ধৰি বিভিন্ন খেল প্ৰতিযোগিতাৰ আয়োজন কৰিব বুলিও জানিবলৈ দিছে।