NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ সাতখন ৰাজ্যত নিশ্চিত হৈছে বাৰ্ড ফ্লুৰ ভয়াবহ সংক্ৰমণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 10, 2021 4:14 pm

ভাৰতৰ সাতখন ৰাজ্যত বাৰ্ড ফ্লুৰ সংক্ৰমণ ধৰা পৰাটো নিশ্চিত হোৱা বুলি শনিবাৰে চৰকাৰে উল্লেখ কৰে।

কেৰালা, ৰাজস্থান, মধ্যপ্ৰদেশ, হিমাচল প্ৰদেশ, হাৰিয়ানা, গুজৰাট আৰু উত্তৰ প্ৰদেশত বাৰ্ড ফ্লুৰ সংক্ৰমণ ধৰা পৰাটো নিশ্চিত হোৱা বুলি চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হয়।

‘‘পৰিভ্ৰমী চৰাই অহা বিল সমূহৰ উপৰিও, চৰাইৰ বজাৰ, চিৰিয়াখানা, ফাৰ্ম আদিত তীক্ষ্ন পৰ্যবেক্ষণ অব্যাহত ৰখা হৈছে,’’ চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰা হয়।

আনহাতে, চৰাইৰ বজাৰ, ফাৰ্ম আদিৰ জৈৱ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হৈছে বুলি চৰকাৰৰ তৰফৰ পৰা উল্লেখ কৰে।

কেৰালাত বহু সংখ্যক হাঁহৰ বাৰ্ড ফ্লুত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পাছতে ৰাজ্যখনত বাৰ্ড ফ্লুক ৰাজ্যিক দুৰ্যোগ হিচাপে ঘোষণা কৰা হৈছিল।

ইপিনে, কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা প্ৰতিখন ৰাজ্যক বাৰ্ড ফ্লুৰ সংক্ৰমণক লৈ সতৰ্ক হৈ থকাৰ বাবে আহ্বান জনোৱাৰ লগতে প্ৰতিবেদন দাখিল কৰাৰ বাবেও নিৰ্দেশ দিছে।