NORTHEAST NOW (Assamese)
Popular Stories

চন্দনকাঠৰ কুখ্যাত চোৰাং বেপাৰী বীৰাপ্পানৰ জীয়ৰীৰ বিজেপিত যোগদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 24, 2020 9:03 am
52353-jefadrppfs-1488114209

চন্দনকাঠৰ কুখ্যাত চোৰাং বেপাৰী হিচাপে সকলোৰে এটি পৰিচিত নাম প্ৰয়াত বীৰাপ্পানৰ জীয়ৰীয়ে শেহতীয়াকৈ বিজেপিত যোগদান কৰা কাৰ্যই দেশজুৰি চৰ্চা চলিছে।

তামিলনাডুৰ কৃষ্ণগিৰিত যোৱা ২২ ফেব্ৰুৱাৰিত অনুষ্ঠিত হৈ যোৱা এটা অনুষ্ঠানত বীৰাপ্পানৰ জীয়ৰী বিদ্যা ৰাণীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে।

বিদ্যা ৰাণীক দললৈ আদৰণি জনাই দলৰ সাধাৰণ সম্পাদক মুৰুলীধৰ ৰাও আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পন ৰাধাকৃষ্ণণে।

‘দুখীয়া আৰু বঞ্চিত হৈ থকা সমাজৰ যিকোনো জাতি আৰু ধৰ্মৰ লোকৰ বাবে মই কিবা এটা কৰিব বিচাৰো। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আঁচনিসমূহ ৰাইজৰ বাবে আৰু মই এই সুবিধা সমূহ তেওঁলোকৰ মাজলৈ লৈ যাব বিচাৰো’। বিজেপিত যোগদানৰ পিছতেই এইদৰে কয় বিদ্যা ৰাণীয়ে।

উল্লেখ্য যে ৰাণীয়ে যোৱা বৰ্ষৰ পৰা কৃষ্ণগিৰিত এটা টুইশ্যন চেন্টাৰ চলাই আছে। ‘আমি তেওঁক সঠিকৰূপত ব্যৱহাৰ কৰিম’, বিজেপিৰ ৰাজ্যিক সম্পাদক কে এছ নৰেন্দ্ৰনে দ্যা নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ আগত এই কথা সদৰী কৰে।

ইয়াৰ উপৰি ৰাণীক কেনেধৰণৰ দায়িত্ব প্ৰদান কৰা হ’ব সেই বিষয়ে পৰৱৰ্তী সময়ত দলে সিদ্ধান্ত ল’ব বুলিও উল্লেখ কৰে নৰেন্দ্ৰনে।

বিদ্যা ৰাণীৰ উপৰি উক্ত অনুষ্ঠানত অন্য ৰাজনৈতিক দলৰ পৰা অহা প্ৰায় ১০০০ ৰো অধিক লোকে বিজেপিত যোগদান কৰে।