NORTHEAST NOW (Assamese)
অসম

‘অসম দৰ্শন’ আঁচনিৰ অধীনত ৰাজ্যৰ বিভিন্ন তীৰ্থক্ষেত্ৰলৈ আৰ্থিক অনুদান অসম চৰকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 24, 2020 6:14 pm
Assam Government

‘‘অসমৰ বুকুত থকা সত্ৰ, দ’ল-দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠান সমূহে যুগ যুগ ধৰি মানৱীয় ধ্যান-ধাৰণাৰে সমাজখনক উজ্জীৱিত কৰি আহিছে। এই পৱিত্ৰ ধৰ্মীয় অনুষ্ঠানসমূহে আধ্যাত্মিক চেতনা শক্তিৰে মানুহৰ মাজত ভক্তি ভাৱ জগাই তুলিবলৈ সক্ষম হৈছে,’’ আজি অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যৰ ৯১৫ খন সত্ৰ, দ’ল-দেৱালয়কে ধৰি বিভিন্ন তীৰ্থক্ষেত্ৰলৈ আৰ্থিক অনুদান প্ৰদান উপলক্ষে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

উল্লেখযোগ্য যে, অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যখনৰ হিন্দু, ইছলাম, শিখ, বৌদ্ধ, খ্ৰীষ্টান আদি ধৰ্মৰ ৯১৫ খন তীৰ্থস্থান, দেৱালয়, উপাসনাস্থলী আৰু পৰ্যটনক্ষেত্ৰ সামৰি লোৱা হৈছে।

আঁচনি খনৰ অধীনত ১৬০ খন বিভিন্ন ধৰ্মাৱলম্বীৰ তীৰ্থক্ষেত্ৰলৈ ২ লাখ টকাৰ ওপৰঞ্চি বাৰ্ষিক আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ বাবে তালিকাভুক্ত তীৰ্থস্থানলৈ প্ৰাৰম্ভিক কিস্তিত ১০ লাখ টকাকৈ আগবঢ়োৱা হৈছে।

সেইদৰে ধৰ্মানুষ্ঠান সমূহৰ লগত সংলগ্ন বাট-পথৰ উন্নয়নৰ বাবে সৰ্বমুঠ ৬১৪.৪৫ কোটি টকা আবণ্টন দিয়া হৈছে।

সোণোৱালে নিজৰ ভাষণ প্ৰসংগত অনাগত দিনত ৰাজ্যৰ বিভিন্ন ভাষা-ভাষী, ধৰ্মাৱলম্বী লোকসকলে মিলিত প্ৰচেষ্টাৰে সমন্বয়ৰ দাৰা অসমখন ভাৰতবৰ্ষৰ বুকুত শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ কাম কৰিব লাগিব বুলি কয়।

আজি দেশত সকলো ধৰ্মাৱলম্বী লোকে প্ৰাণ পাই উঠিছে আৰু নিৰাপত্তা অনুভৱ কৰিছে বুলিও মুখ্য মন্ত্ৰী সোণোৱালে উল্লেখ কৰে।

প্ৰচুৰ সম্পদ আৰু সম্ভাৱনীয়তাৰে ভৰপূৰ অসমখন আবিষ্কাৰ কৰিবলৈ পদক্ষেপ ল’ব লাগিব বুলি মন্তব্য কৰি সোণোৱালে কয় যে, ‘অসম দৰ্শন’ আঁচনিয়ে এই ক্ষেত্ৰত অসমত ধৰ্মীয় পৰ্যটনৰ বিকাশত বিশেষ সহায় কৰিব।

‘‘এই আঁচনিৰ লক্ষ্য হৈছে অসমখন বিশ্বৰ বুকুত আদৰ্শ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা। আনহাতে বৃহত্তৰ অসমৰ সকলো জাতি-জনগোষ্ঠীৰ সন্মিলিত শক্তিৰে অসম চৰকাৰ গঠিত হৈছে আৰু অসমীয়াৰ জাতি, মাটি, ভেটিৰ সুৰক্ষাৰ লগতে মান-স্বাভিমান উজ্জীৱিত কৰিবলৈ অসম চৰকাৰে কাম কৰিছে,’’ সোণোৱালে লগতে কয়।

‘অসম দৰ্শন’ আঁচনিৰ অধীনত ৰাজ্যৰ ১০০ বছৰ পুৰণি আধ্যাত্মিক অনুষ্ঠান বোৰৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে আঁচনি অনুসৰি তালিকাভুক্ত প্ৰতিখন ধৰ্মীয় ক্ষেত্ৰলৈ ১০ লাখ টকাৰ অনুদান অসম চৰকাৰে প্ৰদান কৰিব।

যিবোৰ ধৰ্মীয় ক্ষেত্ৰই অহা ১৫ আগষ্টৰ ভিতৰত ব্যৱহাৰিক প্ৰমাণ পত্ৰ দিবলৈ সক্ষম হ’ব সেই সমূহে চলিত বৰ্ষৰ ভিতৰতে অতিৰিক্তভাৱে ১৫ লাখকৈ টকা লাভ কৰিব বুলি অনুষ্ঠানত অংশ লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।

হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় ক্ষেত্ৰ সমূহৰ যাতায়ত ব্যৱস্থা উন্নীত কৰাৰ বাবে গড়কপ্তানি বিভাগে ৫৮২.৫০ কিলোমিটাৰ পথ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে।

আজিৰ অনুষ্ঠানত মাজুলীৰ আউনীআটি সত্ৰ আৰু ভোগপুৰ সত্ৰ, নগাঁৱৰ বৰদোৱা থান, দৰঙৰ ৰূদ্ৰেশ্বৰ দেৱালয়, কামৰূপৰ মহানগৰৰ কামাখ্যা দেৱালয় আৰু শুক্ৰেশ্বৰ দেৱালয়, শিৱসাগৰৰ শিৱ দ’ল, শোণিতপুৰৰ মহাভৈৰৱ মন্দিৰ, কাছাৰৰ কাছাকান্তি মন্দিৰ, গোলাঘাটৰ শ্ৰীশ্ৰী আঠখেলীয়া বৰ নামঘৰ, কাৰূপৰ হাজোৰ পোৱামক্কা, কাৰ্বি আংলঙৰ লাওজান বেপ্টিষ্ট গীৰ্জা, ধুবুৰীৰ গুৰু টেগবাহাদুৰ চাহিবজী আৰু তিনিচুকীয়াৰ মাওলুং বৌদ্ধ বিহাৰৰ পৰিচালনা সমিতি সমূহক আনুষ্ঠানিকভাৱে অসম দৰ্শন আঁচনিৰ অধীনত চেক প্ৰদান কৰা হয়।