NORTHEAST NOW (Assamese)
স্বাস্থ্য

গৰু গাখীৰৰ ঘিউ খাওক, সুস্থ থাকক; ঘিউৰ আছে শ শ উপকাৰিতা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 27, 2020 6:02 pm
Cow's Ghee has hundred of qualities

দেশী ঘিউ আমাৰ স্বাস্থ্যৰ কাৰণে ভাল। দেশী ঘিউ নাথাকিলে ভাৰতীয় খাদ্যক অসম্পূৰ্ণ বুলি ধৰা হয়।

গৰুৰ ঘিউক ভাৰতীয় মানুহে ভাল পায়। আন জন্তুৰ গাখীৰৰ ঘিউতকৈ গৰুৰ গাখীৰৰ ঘিউ অধিক উপকাৰী। আয়ুৰ্বেদত ইয়াক ঈশ্বৰৰ খাদ্য বুলি গণ্য কৰা হয়। ইয়াৰ শ শ গুণ আছে।

ইয়াক যদি নিয়মীয়াকৈ ব্যৱহাৰ কৰা হয়, ই ওজন নিয়ন্ত্ৰণ কৰাৰ লগতে শৰীৰ আৰু হাঁড় সবল কৰে। শক্তিবৃদ্ধি আৰু মানসিক স্বাস্থ্য শুধৰোৱাৰ লগতে গৰুৰ ঘিউ ছাল আৰু চুলিৰ বাবেও আশীৰ্বাদতকৈ কম নহয়। ই মানুহক নানা ৰোগৰ পৰা বচাই ৰাখে। ই আন বহু ৰোগৰ লগতে ডিমেনচিয়া, পেৰালাইছিছ আৰু শুষ্কতাও নিৰাময় কৰে।