NORTHEAST NOW (Assamese)
Popular Stories

সংকট মুক্ত জুবিন গাৰ্গ; চিকিৎসালয়ৰ বাহিৰত অনুৰাগীৰ ভিৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 28, 2020 9:20 pm
Zubeen Garg

আজি গুৱাহাটী টাউন ক্লাৱত অনুষ্ঠিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি থকা অৱস্থাতে অসুস্থ হৈ পৰা জুবিন গাৰ্গক বৰ্তমান চিকিৎসকে সংকট মুক্ত ঘোষণা কৰিছে।

নেমকেয়াৰৰ হস্পিটেলত ভৰ্তি কৰা শিল্পী গৰাকীৰ সংজ্ঞা ঘূৰি আহিছে বুলি চিকিৎসকে আমাৰ সংবাদ দাতাক জানিবলৈ দিছে।

হঠাৎ অসুস্থ হৈ পৰা জুবিনক নেমকেয়াৰ হস্পিটেলৰ আই চি য়ুত ভৰ্তি কৰোৱা হৈছিল যদিও এতিয়া চিটি স্কেন ৰূমলৈ লৈ যোৱা হৈছে শিল্পী গৰাকীক।

আনহাতে, জুবিন অসুস্থ হৈ পৰাৰ বাতৰি লাভ কৰাৰ পাছতে নেমকেয়াৰ হস্পিটেলত মন্ত্ৰী নৱ দলে, কণ্ঠশিল্পী মানস ৰবীনকে ধৰি বহু শতাধিক অনুৰাগী উপস্থিত হয়।

বৰ্তমান জুবিনক চিকিৎসা প্ৰদান কৰি থকা হৈছে যদিও চিকিৎসকে তেওঁ ৰোগত আক্ৰান্ত হৈছিল সেই কথা প্ৰকাশ কৰাৰ পৰা বিৰত আছে।