NORTHEAST NOW (Assamese)
Popular Stories

কেন উইলিয়ামছন নহয় এইবাৰ আই পি এলত ডেভিড ৱাৰ্ণাৰে নেতৃত্ব দিব চানৰাইজ হয়দৰাবাদক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 29, 2020 7:04 am
D Warner

আগন্তুক আই পি এলত দলৰ অধিনায়ক সলনি কৰিলে চানৰাইজ হায়দৰাবাদে।

দলৰ বৰ্তমানৰ অধিনায়ক কেন উইলিয়ামছনৰ পৰিৱৰ্তে চানৰাইজ হায়দৰাবাদে অষ্ট্ৰেলিয়াৰ ডেভিড ওৱাৰ্ণাৰক দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে।

বৰ্তমান দুৰ্দান্ত ফৰ্মত থকাৰ পাছতো কেন উইলিয়ামছনক অধিনায়কৰ পৰা অব্যাহতি দিয়া কাৰ্য্যই চানৰাইজ হায়দৰাবাদৰ শুভাকাংশী সকলক আচৰিত কৰি তুলিছে।

উল্লেখযোগ্য যে, চাৰিবছৰ পূৰ্বে ডেভিড ৱাৰ্ণাৰৰ নেতৃত্বতে আইপিএলত চেম্পিয়ন হৈছিল চানৰাইজ হায়দৰাবাদ। তাৰপাছতে বল বিকৃত কৰাৰ অপৰাধত নিৰ্বাসিত হৈছিল ৱাৰ্ণাৰ।

ক্ৰিকেট অষ্ট্ৰেলিয়াই ৱাৰ্ণাৰক নিষিদ্ধ কৰাৰ পাছত চানৰাইজ হায়দৰাবাদৰ অধিনায়কৰ দায়িত্ব অৰ্পন কৰা হৈছিল নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছনক।

মাজে সময়ে উইলিয়ামছনৰ অনুপস্থিতি ভাৰতীয় দলৰ বেগী বলাৰ ভূৱনেশ্বৰ কুমাৰেও দলৰ হৈ অধিনায়কত্ব চম্ভালিবলগীয়া হৈছিল।

চলিত বৰ্ষত চানৰাইজ হায়দৰাবাদৰ হৈ পুনৰ ৱাৰ্ণাৰ অধিনায়ক হিচাপে ক্ৰিকেটৰ পথাৰলৈ উভতিব।

ইতিমধ্যে ৱাৰ্ণাৰে চানৰাইজ হায়দৰাবাদক ধন্যবাদ জ্ঞাপন কৰিছে।

বিগত বৰ্ষত ৱাৰ্ণাৰে মাত্ৰ ১২ খন খেলত বিধ্বংসী বেটিঙেৰে ৬৯২ ৰান সংগ্ৰহ কৰি শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিছিল।