NORTHEAST NOW (Assamese)
অসম

চামগুৰি ফুড ক্ৰাফ্ট প্ৰতিষ্ঠানত ‘স্বচ্ছ অভিযানৰ এপষেক’ৰ শুভাৰম্ভণি

Posted by: এন ই নাও নিউজ September 17, 2018 11:05 am
92e15a7e-e016-4a73-a4b6-e8b4687dfc17

নগাঁও জিলাৰ চামগুৰি ৰঙাগড়াত অৱস্থিত  ফুড ক্ৰাফ্ট  প্ৰতিষ্ঠানত দেওবাৰৰ পৰা আৰম্ভ হয় স্বচ্ছতা অভিযানৰ এপষেক। অনুষ্ঠানৰ আৰম্ভণিতে মুখ্য অতিথি হিচাপে উপস্থিত থকা নগাঁও জিলাৰ অতিৰিক্ত উপযুক্ত গৌৰী শংকৰ দাস আৰু কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতুপন নেওগক প্ৰতিষ্ঠানখনৰ ফালৰ পৰা আদৰণি জনায়।

ইয়াৰ পাছতে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানেৰে মুকলি সভা অনুষ্ঠিত হয়। প্ৰতিষ্ঠানখনৰ অধ্যক্ষা বৰ্ণালী বৰুৱা চক্ৰৱৰ্তীয়ে উদ্দেশ্য বাখ্যা কৰা আৰু ফেকালেটৰ প্ৰৱাল শৰ্মা বৰদলৈ, গৌতম ভাৰ্গৱ আৰু চন্দন বেজবৰুৱাই আতঁ ধৰা অনুষ্ঠানটোত মহকুমাধিপতি বিতুপন নেওগ আৰু অতিৰিক্ত উপযুক্ত গৌৰী শংকৰ দাসে সাৰুৱা ভাষণ প্ৰদান কৰে।

এই অনুষ্ঠানতে বিহু নৃত্য, ঝুমুৰ নৃত্যৰ লগতে শিক্ষাৰ্থী সকলে স্বচ্ছতাৰ ওপৰত এখনি নাটক প্ৰদৰ্শনী কৰি উপস্থিত লোকক আকৰ্ষিত কৰা পৰিলক্ষিত হয়।

দেওবাৰৰ পৰা ৩০ চেপ্টেম্বৰলৈ এপষেক জোৰা কাৰ্যসূচীৰ পৰৱৰ্তী সময়ত অতিথিদ্বয়ৰ জৰিয়তে গছপুলি ৰোপণ কাৰ্যসুচী অনুষ্ঠিত হোৱাৰ লগতে প্ৰতিষ্ঠানখনৰ ফালৰ পৰা স্বচ্ছতা অভিযানৰ এপষেকৰ শুভাৰাম্ভণি হিচাপে হাতে হাতে জাৰু লৈ চাফাই কৰে।