NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰী ৰাজেন গোহাঁইৰ ভাবুকি!! : তল পৰি যোৱা যৌন নিৰ্যাতনৰ ঘটনাই লৈছে নতুন মোৰ

Posted by: এন ই নাও নিউজ September 17, 2018 11:44 am
'Remove Rajen Gohain, Save Women': Campaign against Railways MoS starts at home constituency in Assam

শেহতীয়াকৈ তল পৰা কেন্দ্ৰীয় ৰে’ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইৰ যৌন নিৰ্যাতনৰ কাহিনীয়ে এক নতুন মাত্ৰা লাভ কৰিছে।

নগাঁও সদৰ আৰক্ষী থানাত ৰাজেন গোহাঁইৰ বিৰুদ্ধে এগৰাকী মহিলাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছিল। ইয়াৰ পিছতে নগাঁও আৰক্ষীয়ে সমগ্ৰ বিষয়টোত এক ৰহস্যজনক ভূমিকা পালন কৰাত বিষয়টো তল পৰিছিল।

কিন্তু শনিবাৰে নিশা নিৰ্যাতিতা মহিলা গৰাকীৰ স্বামীয়ে ছচিয়েল মিডিয়া ফেচবুকত ‘মই ভাগি পৰিছোঁ…মোক বহুত প্ৰেছাৰ দিয়ে…মই কি কৰোঁ…ডাঙৰ মানুহৰ বাবে আইন নাই।’ বুলি ষ্টেটাছে দিয়াত ঘটনাটোৱে পুনৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

 

উল্লেখযোগ্য যে কিছুদিনৰ আগতে মহিলাগৰাকীৰ স্বামীয়ে ঘটনা সন্দৰ্ভত এক তেওঁলোকৰ ভুল বুজাবুজি হোৱা আৰু এই বিষয়টোক লৈ সংবাদ মাধ্যমকো বাতৰি প্ৰকাশ নকৰিবলৈ আহ্বান জনাইছিল। কিন্তু পুনৰ মহিলাগৰাকীৰ স্বামীয়ে এই বিষয়টোক লৈ ওপৰত উল্লেখ কৰাৰ দৰে ষ্টেটাচ দিয়াত সমগ্ৰ ঘটনাটো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

আনহাতে নগাঁও আৰক্ষী অধীক্ষক গৰাকীয়ে প্ৰয়োজন হ’লে ৰাজেন গোহাঁইক জেৰা কৰা হ’ব বুলি কৈছিল যদিও ঘটনাটোৰ ডেৰমাহ উকলি যোৱাৰ পিছতো জেৰা কৰা পিছৰে কথা গোহাঁইক সোধা-পোছাও নকৰিলে।

ইফালে অভিযোগ উত্থাপন হোৱা কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ো ঘটনা সন্দৰ্ভত এয়া তেওঁৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি কৈয়ে ৰহস্যজনকভাৱে মৌনব্ৰত পালন কৰিবলৈ ধৰিলে।

পৰিতাপৰ কথা যে শেহতীয়াকৈ মহিলা গৰাকীৰ স্বামীয়ে ছচিয়েল মিডিয়াত দিয়া ফেচবুক ষ্টেটাচে ৰাজেন গোহাঁয়ে নিৰ্যাতিত পৰিয়ালটোক ভয়, ভাবুকি প্ৰদান কৰিছে নেকি বুলি সৰ্বসাধাৰণ ৰাইজৰ মনত এক প্ৰশ্ন উত্থাপন হৈছে।