NORTHEAST NOW (Assamese)
অসম

কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত ইংৰাজী সাহিত্যৰ ওপৰত আকৰ্ষণীয় কাৰ্যসূচী সম্পন্ন

Posted by: নীৰ্মলেন্দু পাঠক Updated by: নীৰ্মলেন্দু পাঠক March 2, 2020 7:00 am

যোৰহাট জিলাৰ  টীয়কৰ অন্যতম অগ্ৰণী মহাবিদ্যালয় কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ উদ্যোগত  অলপতে উত্তৰ পূৱৰ সাহিত্য শীৰ্ষক  এক বক্তৃতা অনুষ্ঠানত আয়োজন কৰা হয়।

মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড° পংকজ গোস্বামীৰ সঞ্চালনাত আয়োজিত এই সভাত আদৰণী ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষা ড° ৰূপৰেখা বৰদলৈয়ে।

অসম বিশ্ব বিদ্যালয়ৰ ডিফু কেম্পাচৰ ইংৰাজী বিভাগৰ প্ৰধ্যাপক ড° বিষ্ণু চৰণ দাসে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰা এই গাম্ভীৰ্যপূৰ্ণ সভাত মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দেৱকুমাৰ মহন্ত, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক প্ৰাঞ্জল দত্তকে প্ৰমুখ্য কৰি জিলাখনৰ কেইবাখনো মহাবিদ্যালয়ৰ অধ্যাপক তথা ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

ভাৰতীয় ইংৰাজী সাহিত্যৰ মূলধাৰা সৈতে উত্তৰ পূৱৰ নতুন প্ৰজন্মৰ সাহিত্যৰ এটি ধাৰাই পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

মমাংদাই, মনালিছা চাংগিছা, টেমিচলা আও, প্ৰেট্ৰিচিয়া ম’খিম আদি স্বনামধন্য লেখকৰ ইংৰাজী সাহিত্যই বিশ্ব সাহিত্যত স্থান পাইছে। সেয়ে এই ধাৰাৰ অধ্যয়ন বাবে উক্ত বক্তৃতা অনুষ্ঠান আয়োজন কৰা হৈছে বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে।