NORTHEAST NOW (Assamese)
Popular Stories

Gandhi Jayanti 2023: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 2, 2023 7:42 am

আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তী। এই উপলক্ষে তেওঁৰ কেইটামান সোণসেৰীয়া বিখ্যাত উক্তি আগবঢ়োৱা হ’ল-

১) “যদি আপুনি বিশ্বত পৰিৱৰ্তন চাব বিচাৰে তেন্তে আপুনি নিজেই সেই পৰিৱৰ্তন হৈ উঠিব লাগিব যিটো আপুনি গোটেই বিশ্বতে চাব বিচাৰে।”

২) “নিজক বিচাৰি পোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল নিজকে আনৰ সেৱাত নিয়োজিত কৰা। আনৰ সেৱাত নিজকে হেৰুৱাই পেলালেই নিজকে বিচাৰি পোৱা যাব।‘’

৩) “বিশ্বত মদু জোকাৰণি দিলেই আপুনি পৰিৱৰ্তন আনিব পাৰিব।”

৪) “আপুনি আজি যি কৰিবলৈ বিচাৰে তাৰ ওপৰতে আপোনাৰ ভৱিষ্যত নিৰ্ভৰ কৰে।”

৫) “আপোনাৰ কৰ্মৰ ফলাফল কি হ’ব আপুনি নাজানে। কিন্তু, আপুনি যদি কোনো কামেই নকৰে, তেন্তে আপুনি কোনো ফলাফলেই নাপাব।’’

৬) ‘’দুৰ্বল মানুহে কেতিয়াও ক্ষমা কৰিব নোৱাৰে। ক্ষমা কৰাটো এজন শক্তিশালী ব্যক্তিৰ চৰিত্ৰ।‘’

১) মহাত্মা গান্ধীয়ে কৈছিল, “চকুৰ সলনি চকু কাঢ়ি ল’লে গোটেই পৃথিৱী অন্ধ হৈ পৰিব।”