NORTHEAST NOW (Assamese)
অসম

লাৰা আৰু গেইলক ধন্যবাদ জনায় ড্ৰাম বজালে ‘ক্ৰিকেটৰ ভগৱান’ শচীন টেণ্ডুলকাৰে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 18, 2020 12:53 pm

ক্ৰিকেট খেলা এৰিলেও শচীন তেণ্ডুলকাৰৰ জনপ্ৰিয়তা কিন্তু আজিও শীৰ্ষত আছে। তেওঁ ২০১৩ চনৰ ১৬ নৱেম্বৰত ২২ গজক বিদায় জনাইছিল।

সেইদিনটোতে ২৪ বছৰীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পৰিসমাপ্তি ঘটিছিল কিম্বদন্তী শচীন টেণ্ডুলকাৰৰ।

মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২০০তম টেষ্ট খেলাৰ পিছতে ভাৰতৰ লিটল মাষ্টাৰে তেওঁৰ আন্তৰ্জাতিক কেৰিয়াৰৰ সমাপ্তি ঘোষণা কৰিছিল।

১৯৮৯ চনৰ ১৫ নৱেম্বৰত পাকিস্তানৰ বিৰুদ্ধে কৰাচীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিছিল শচীনৰ।

ইয়াৰ পিছৰে পৰা তেওঁ এদিনীয়া আৰু টেষ্টত ১০০টা শতক অৰ্জন কৰিবলৈ সক্ষম হয়।

শচীনৰ বিদায় মুহূৰ্তটো চিৰস্মৰণীয় কৰি ৰাখিবলৈ ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলৰ ক্ৰিকেটাৰ তথা তেওঁৰ দীৰ্ঘদিনীয়া বন্ধু ব্ৰায়ান লাৰা আৰু ক্ৰিছ গেইলে এটি সুন্দৰ ষ্টিল ড্ৰাম উপহাৰ দিছিল।

শচীনে নিজে এটা টুইটৰ জৰিয়তে এই কথা ৰাজহুৱা কৰে।

সাত বছৰ পিছত, শচীনে তেওঁলোকক ধন্যবাদ জনোৱাৰ লগতে তেওঁ এই বিস্ময়কৰ উপহাৰৰ বাবে চিৰকৃতজ্ঞ হৈ ৰ’ব বুলি কয়।

শচীনৰ ঘৰলৈ আহোতে লাৰাই এই ড্ৰাম সুন্দৰকৈ বজাইছিল বুলিও তেওঁ ভিডিঅ’টোত উল্লেখ কৰে। ভিডিঅ’টোত শচীনক ড্ৰাম বজোৱাও পৰিলক্ষিত হয়।