NORTHEAST NOW (Assamese)
অসম

ভেকচিন নহয়, পতঞ্জলিয়ে পাইছে ক’ভিড-১৯ৰ ঔষধ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2020 10:37 pm
Not vaccine, Patanjali is talking about a cure for COVID-19

ভাৰতীয় আয়ুৰ্বেদিক কোম্পানি পতঞ্জলিয়ে ক’ভিড-১৯ৰ প্ৰতিষেধকৰ সলনি নিৰাময়ী দৰৱৰ সন্ধান পোৱাৰ ইংগিত দিছে।

“আমি ইমিউনিটি বুষ্টাৰৰ কথা কোৱা নাই। আমি এটা নিৰাময় (ঔষধ)ৰ কথা কৈছো,” প্ৰকাশিত বাতৰিত পতঞ্জলিৰ পৰিচালন সঞ্চালক আচাৰ্য্য বালকৃষ্ণৰ উদ্ধৃতি।

পতঞ্জলি গ্ৰুপে ক’ভিড-১৯ৰ প্ৰতিষেধকৰ সলনি ঔষধ প্ৰস্তুতৰ বাবে মানুহৰ ওপৰত পৰীক্ষণ আৰম্ভ কৰিছে।

চলিত বছৰৰ ফেব্ৰুৱাৰিতে পতঞ্জলিয়ে ক’ভিড-১৯ৰ চিকিৎসা কৰা বুলিও আচাৰ্য্য বালকৃষ্ণই মন্তব্য কৰিছে।

তেওঁ কয় যে মাৰ্চলৈকে তেওঁলোকে বহু হাজাৰ মানুহক ইতিমধ্যেই চিকিৎসা কৰিছে।

“কিন্তু সেইবোৰ প্ৰমাণ ভিত্তিক ক্লিনিকেল ট্ৰায়েল নাছিল। আমাৰ আৱিষ্কাৰক ঔষধ হিচাপে পঞ্জীয়ন কৰিবলৈ আমি ক্লিনিকেল ট্ৰায়েলৰ মাজেদি যাব লাগিব,” আচাৰ্য্যৰ মন্তব্য।

তেওঁ সদৰী কৰা মতে ক্লিনিকেল ট্ৰায়েলৰ বাবে পতঞ্জলিক ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে যাৱতীয় অনুমতি দিয়া নাছিল।

ফলত তেওঁলোকে চি টি আৰ আই (Clinical Trials Regulator of India)ত নিজকে পঞ্জীকৃত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই সম্বন্ধীয় যাৱতীয় অনুমতি পোৱাৰ পিছতেই আয়ুৰ্বেদিক কোম্পানিটোৱে মানুহৰ ওপৰত পৰীক্ষণ আৰম্ভ কৰিছে।

আৰু জয়পুৰ বিশ্ববিদ্যালয়ৰ এটা বিভাগত ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰে।

যোৱা সপ্তাহত পতঞ্জলিয়ে এই সম্পৰ্কীয় যাৱতীয় অনুমতি লাভ কৰিছে আৰু ইন্দোৰ আৰু জয়পুৰত ক্লিনিকেল ট্ৰায়েল আৰম্ভ কৰিছে।

বাতৰি মতে পতঞ্জলিৰ তিনিটা এন এ বি এল (National Accreditation Board for testing and Calibration Laboratories) স্বীকৃত পৰীক্ষাগাৰ আছে আৰু তাৰে এটা ক’ভিড-১৯ সম্পৰ্কীয় পৰীক্ষাৰ বাবে বিশেষভাৱে ৰখা হৈছে।

আচাৰ্য্য বালকৃষ্ণই সদৰী কৰা মতে তেওঁলোকৰ ৫০০ গৱেষক আছে আৰু তাৰে ১০০গৰাকী প’ষ্ট ডক্তৰেল গৱেষক।