NORTHEAST NOW (Assamese)
অসম

বিধানসভাৰ পৰা নিলম্বন কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 2, 2020 5:53 pm
congress legislator Ali

অসম বিধানসভাৰ পৰা সোমবাৰে কংগ্ৰছৰ বিধায়ক শ্বেৰমান আলীক অধ্যক্ষৰ নিৰ্দেশত এদিনৰ বাবে নিলম্বন কৰা হয়।

অধ্যক্ষৰ নিৰ্দেশ অমান্য কৰাৰ বাবেই মাৰ্শ্বালে বিধানসভাৰ পৰা আলীক উলিয়াই দিয়ে।

বাঘবৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে বিধানসভাৰ প্ৰশ্নকালত এন আৰ চিৰ সমন্বয়ক হিচাপে হিতেশ দেৱ শৰ্মাক নিযুক্তি দিয়া সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল।

এন আৰ চিৰ সমন্বয়ক হিচাপে শৰ্মাই জনসাধাৰণ বিশ্বাস হেৰুৱাইছে সেয়ে তেওঁ উক্ত পদৰ বাবে যোগ্য নহয় বুলি আলীয়ে বিধানসভাত অভিযোগ উত্থাপন কৰিছিল।

যেতিয়া বিধানসভাৰ প্ৰশ্নকালত আলীয়ে বিষয়টো বাৰম্বাৰ উত্থাপন কৰি আছিল তেতিয়া বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে উক্ত বিষয়বস্তু সন্দৰ্ভত কোনো দীঘলীয়া আলোচনা কৰাৰ অনুমতি দিয়া নহ’ব বুলি কয়।

অধ্যক্ষ গোস্বামীয়ে বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক গৰাকীক শান্ত হ’বলৈ কৈ নিজৰ আসন গ্ৰহণ কৰাৰ বাবে বহুবাৰ অনুৰোধ কৰাৰ পাছতো আলীয়ে নিজে উত্থাপিত অভিযোগেৰে বিধানসভা উত্তাল কৰি আছিল।

অধ্যক্ষৰ অনুৰোধ পালন নকৰাৰ বাবে অৱশেষত গোস্বামীয়ে কংগ্ৰেছ বিধায়ক আলীক নিলম্বন কৰে আৰু বিধানসভা এৰি যোৱাৰ নিৰ্দেশ দিয়ে।

অধ্যক্ষই আলীক বিধানসভাৰ পৰা ওলাই যাবলৈ কোৱাৰ পাছতো বিধায়কগৰাকীয়ে বিধানসভা এৰি নোযোৱাত মাৰ্শ্বালে বলপূৰ্বকভাৱে তেওঁক বাহিৰ কৰি দিবলৈ বাধ্য হয়।

বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ আগত শ্বেৰমান আলীয়ে তেওঁক বিধানসভাৰ পৰা বাহিৰ কৰি দিয়া ঘটনাটো এইখন চৰকাৰৰ অগণতান্ত্ৰিক ভাৱাদৰ্শক প্ৰতিফলিত কৰে বুলি কয়।