NORTHEAST NOW (Assamese)
অসম

মাজুলীৰ ফেৰীঘাটত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ March 2, 2020 7:55 pm
Students goes missing

মাজুলীৰ দক্ষিণপট ফেৰীঘাটৰ সমীপত ব্ৰহ্মপুত্ৰৰ পানীজুৱলিত আজি বিয়লি সন্ধানহীন হৈ থকা পুত্ৰ উত্তম দাস (২০)ৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উদ্ধাৰ হোৱা উত্তম দাসৰ মৃতদেহৰ মুখমণ্ডল, বুকু আৰু পিঠিত থকা আঘাতৰ স্পষ্ট চিনে যুৱকজনক হত্যা কৰা হৈছিল বুলি স্থানীয় লোকে দাবী কৰিছে।

মাজুলীৰ মাজৰবাৰী বুঢ়াশেনচোৱা গাঁৱৰ নিৱাসী কমলাবাৰী থানাৰ অন্তৰ্গত প্ৰেমকান্ত দাস আৰু অনিমাই দাসৰ জ্যেষ্ঠ পুত্ৰ উত্তম দাস (২০) বিগত ২৮ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল।

মাজুলী মহাবিদ্যালয়ৰ চতুৰ্থ ষাণ্মাসিকত অধ্যয়নৰত ছাত্ৰ গৰাকীয়ে ২৮ ফেব্ৰুৱাৰিৰ দিনা জলপানিৰ প্ৰ-পত্ৰ পুনৰ বাবে ওলাই গৈ নিশালৈ উভতি নহাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰে আৰু তেওঁলোকে ছাত্ৰ গৰাকীলৈ ফোন কৰে যদিও তেওঁৰ ফোন বন্ধ হৈ থকা পায়।

পৰিয়ালৰ লোকে ছাত্ৰ গৰাকীৰ একো সম্ভেদ উলিয়াব নোৱাৰি মাজুলীৰ বনগাঁও আৰক্ষী চকী, কমলাবাৰী থানা আৰু গড়মুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।

অফলামুখ ঘাটত যুৱকজনৰ চাইকেলখন উদ্ধাৰ হয় যদিও যুৱকজনৰ শুংসূত্ৰ লাভ কৰাত আৰক্ষী ব্যৰ্থ হৈছিল।

আজি বিয়লি সন্ধানহীন হৈ থকা উত্তম দাসৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

ছাত্ৰ গৰাকীৰ মৃতদেহ এনেদৰে উদ্ধাৰ হোৱা ঘটনাই পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলোৱাৰ লগতে স্থানীয় ৰাইজে ছাত্ৰ গৰাকীক পৰিকল্পিতভাৱে কোনোবাই হত্যা কৰা বুলি অভিযোগ কৰি শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে আৰক্ষীক দাবী জনায়।