বোকাখাতৰ মিকিৰচাং বাগিচাত হাতীৰ আক্ৰমণত শিশুৰ মৃত্যু

বোকাখাত মহকুমাৰ বিহৰা চাহ বাগিচাৰ মিকিৰচাং শাখাৰ সমীপৰ বনাঞ্চলত বৃহস্পতিবাৰৰ দিনা বিয়লি বনৰীয়া হাতীৰ আক্ৰমণত দীপ ৰাউতীয়া নামৰ এটি ১০ বছৰীয়া শিশুৰ মৃত্যু হয় ৷
মিকিৰচাং বাগিচাৰ বৰ লাইনৰ নিৱাসী চমৰা ৰাউতীয়াৰ পুত্ৰ দীপ ৰাউতীয়াৰে লগৰ সমনীয়াৰ সৈতে মিকিৰচাংৰ সমীপৰ বনাঞ্চলত খৰি আনিবলৈ যাওঁতে বনৰীয়া হাতীয়ে আক্ৰমণ কৰে ৷
লগৰ সমনীয়া পলাবলৈ সক্ষম হয় যদিও দীপ ৰাউতীয়াক হাতীয়ে আক্ৰমণ কৰে ৷
বনৰীয়া হাতীৰ আক্ৰমণত ঘটনাস্থলীতে দীপ ৰাউতীয়াৰ মৃত্যু হয় ৷