NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত বাঢ়িছে নিচাযুক্ত সামগ্ৰীৰ বেহা; টীয়কত ৬ কেজি ৩০০ গ্ৰাম গাঞ্জা জব্দ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 11, 2021 7:14 am
Screenshot_2021-06-10-16-30-51_1

ৰাজ্যখনত ড্ৰাগছৰ লগতে আন নিষিদ্ধ নিচাযুক্ত সামগ্ৰীৰ বেহা বৃদ্ধি পাইছে। শেহতীয়াকৈ ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা আৰক্ষীয়ে বিপুল পৰিমানৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰাৰ লগতে বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ মাজতে যোৰহাট জিলাৰ টীয়কৰ কপাহধৰাত জব্দ কৰা হৈছে ৬ কেজি ৩০০ গ্ৰাম গাঞ্জা।

নগেন মুড়া নামৰ ব্যক্তি জনৰ ঘৰৰ পৰা লাহদৈগড় আৰক্ষীয়ে এই গাঞ্জাখিনি জব্দ কৰে। লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় ৰয়ৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে নিশা অভিযান চলাই জব্দ কৰে গাঞ্জা খিনি।

স্থানীয়ভাৱে ঘৰতে খেতি কৰা গাঞ্জাখিনি নিজৰেই গেলামাল দোকানত বিক্ৰী কৰি আহিছিল নগেন মুড়াই।

লাহদৈগড় আৰক্ষীয়ে নগেন মুড়াক আটক কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে।