NORTHEAST NOW (Assamese)

সম্ভৱ! ১২ বছৰীয়া বিস্ময় বালকৰ চমক; ডাবল হেট্ৰিক, এটা অভাৰত ৬টা উইকেট

June 17, 2023 9:30 am · এন ই নাও নিউজ, গুৱাহাটী

ক্ৰিকেটৰ যিকোনো বলাৰৰ বাবে হেট্ৰিক কৰাটো এটা বিৰল ঘটনা, তাতে ডাবল হেট্ৰিক, তাকো একেটা অভাৰৰ ছটা বলত ছটা উইকেট – এই ঘটনা কেৱল বিৰল নহয়, বিস্ময়কৰো! আৰু এই কাম কৰি দেখুৱাইছে ১২ বছৰীয়া এক কিশোৰ প্ৰতিভাই।

কেৱল হেট্ৰিকেই নহয়, ডাবল হেট্ৰিক কৰাটো এটা সৰু ল’ৰাৰ বাবে সহজ কথা নহয়। ব্ৰিটিছ জুনিয়ৰ খেলুৱৈ অলিভাৰ হোৱাইটহাউছে নিজৰ ক্লাবৰ হৈ এটা যাদুকৰী অভাৰত ‘ডাবল হেট্ৰিক’ৰে সকলোকে স্তম্ভিত কৰি তুলিলে।

চলিত মাহত কুকহিলৰ বিৰুদ্ধে ব্ৰমছগ্ৰ’ভ ক্ৰিকেট ক্লাবৰ হৈ খেলি থকা হোৱাইটহাউছে ছটা বলত ছয়জন বেটছমেনক আউট কৰে। এই ১২ বছৰীয়া বিস্ময় বালকে এনে কৃতিত্বৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। খেলখনত হোৱাইটহাউছে দুই অভাৰত এটাও ৰান  নিদিয়াকৈ মুঠ ৮টা উইকেট দখল কৰে।

অলিভাৰ হোৱাইটহাউছ।

ব্ৰমছগ্ৰ’ভ ক্ৰিকেট ক্লাবৰ প্ৰথম দলৰ অধিনায়ক জেডেন লেভিটে বিবিচিক জনায় যে ‘তেওঁ যি কৰিলে সেয়া মই বিশ্বাসেই কৰিব পৰা নাছিলো’।

তেওঁ লগতে কয়, ‘ এটা অভাৰত ডাবল হেট্ৰিক কৰাটো একেবাৰে সহজ কথা নহয়। এইটো এটা ডাঙৰ ঘটনা। অৱশ্যে মই ভাবো তেওঁ বহুত ডাঙৰ নোহোৱালৈকে ইয়াৰ তাৎপৰ্য্য হয়তো উপলব্ধি কৰিব নোৱাৰিব।’

হোৱাইটহাউছৰ এই কৃতিত্বক অবিশ্বাস্য বুলি অভিহিত কৰি কণমানিটোৰ যুঁজাৰু মনোভাৱৰ বিষয়ে কৰা টুইট এটা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। পোষ্ট কৰাৰ পিছৰে পৰা ইণ্টাৰনেটত ইয়াকলৈ ব্যাপক চৰ্চা চলিছে।

অলিভাৰ হোৱাইটহাউছ।

এই শিশুটিৰ মাকৰ ফালৰ আইতাক হৈছে ১৯৬৯ চনৰ উইম্বলডন টেনিছ চেম্পিয়ন এন্নে জ’নছ। স্বাভাৱিকতে যদি কোনোবাই নাবালক খেলুৱৈজনৰ প্ৰতিভাৰ প্ৰকৃত উৎস জানিব পাৰে তেন্তে এনে কৃতিত্বত হয়তো আচৰিত নহ’ব। কিয়নো ১২ বছৰীয়া ল’ৰায়োৱে হয়তো জন্মসূত্ৰেই সেয়া পাইছে।

Related News