NORTHEAST NOW (Assamese)
অসম

কেৰালাত দুৰ্ঘটনাত পতিত হৈ নগাঁৱৰ ১৮ বছৰীয়া যুৱকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 29, 2019 8:29 am
Accident-750x375-1-1-1140x570

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ধনীয়াভেটি গাঁৱৰ যুৱক দুৰ্ঘটনাত পতিত হৈ বহিঃৰাজ্য কেৰালাত মৃত্যুক আঁকোৱালি লয়।

জানিব পৰা মতে ধনীয়াভেটি গাঁৱৰ মইনুল হকৰ ১৮ বছৰীয়া পুত্ৰ ৰছিদুল হকে কেৰালালৈ কৰ্মসংস্থাপনৰ বাবে পাঁচমাহৰ পূৰ্বে গৈছিল।

কিন্তু অলপতে এক দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৰছিদুল হক। পিছত স্থানীয় প্ৰশাসন আৰু আৰক্ষীয়ে যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰায়।

অৱশ্যে দুৰ্ভাগ্যবশত নিয়তিৰ ওচৰত হাৰ মানি চিকিৎসাধীন অৱস্থাতে যোৱা বুধবাৰে ৰছিদুল হকে মৃত্যুক আঁকোৱালি লয়।

শুকুৰবাৰে নিশা ৰছিদুল হকৰ নশ্বৰ দেহ নিজ বাসগৃহলৈ অনাৰ পাছত এক শোকাকুল পৰিৱেশৰ মাজত জানাজা সম্পন্ন কৰা হয়।

ইফালে অঞ্চলটোৰ ১৮ বছৰীয়া এজন যুৱকে বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে এনেদৰে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।