NORTHEAST NOW (Assamese)

ডায়েপাৰ পৰিধান কৰি বহিব পাৰিব NEET পৰীক্ষাত : ১৯ বছৰীয়া মেধাৱী ছাত্ৰক অনুমতি দিলে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে

May 4, 2024 5:37 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

শেহতীয়াকৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মাদুৰাই বিচাৰপীঠে দিছে এক বিশেষ ৰায়দান। এগৰাকী ১৯ বছৰীয়া ছাত্ৰক পৰীক্ষাৰ সময়ত ডায়েপাৰ পৰিধান কৰি পৰীক্ষাত বহাৰ অনুমতি দিছে মাদ্ৰাছ উচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে শৈশৱতে হোৱা এক দুৰ্ঘটনাৰ ফলত চিকিৎসাজনিত অৱস্থাত আছে ছাত্ৰগৰাকী। যাৰ বাবে প্ৰস্ৰাৱ কৰিব লাগিলে ধৰি ৰাখিব নোৱাৰে ছাত্ৰজনে।

সেয়েহে, ছাত্ৰজনক পৰীক্ষাৰ সময়ত ডায়েপাৰ পৰিধান কৰিবলৈ অনুমতি বিচাৰি কৰা আবেদনত অনুমতি প্ৰদান কৰিছে উচ্চ ন্যায়ালয়ে।

পৰীক্ষাৰ সময়ত বৈষম্য ৰোধ কৰিবলৈ ‘প্ৰতিবন্ধী ব্যক্তিৰ অধিকাৰ আইন, ২০১৬’ৰ উদ্ধৃতি দি ন্যায়াধীশগৰাকীয়ে ছাত্ৰজনক পৰীক্ষাৰ সময়ত ডায়েপাৰ পৰিধান কৰাৰ অনুমতি দিয়ে।

উল্লেখ্য যে এই ৰায়দানত বিচাৰপীঠে পৰীক্ষাৰ সময়ত অপ্ৰয়োজনীয় তদাৰকী ব্যৱস্থাৰ কথা উনুকিয়াই দি পৰীক্ষাৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ বাবে অনাময় ব্যৱস্থা, আৰু পৰীক্ষাৰ সময়ত মানসিক চাপ কম কৰিবলৈ প্ৰয়োজন সাপেক্ষে শৌচাগাৰ ব্যৱহাৰৰ অনুমতি দিয়াকে ধৰি মহিলা ছাত্ৰীসকলৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তাসমূহ বিবেচনা কৰিবলৈও পৰীক্ষা কৰ্তৃপক্ষক আহ্বান জনাইছে।

আদালতৰ এই নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ছাত্ৰজনৰ অনুৰোধ গ্ৰহণ কৰিবলৈ সন্মত হয় আৰু সেই অনুসৰি পৰীক্ষকসকলক নিৰ্দেশ দিয়ে।

Related News