NORTHEAST NOW (Assamese)
Popular Stories

তেলেংগানাৰ যুৱকক গুলীয়াই হত্যা আমেৰিকান আৰক্ষীৰ, মৃতদেহ প্ৰত্যাৱৰ্তনৰ বাবে বিদেশ মন্ত্ৰালয়ৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 19, 2025 9:40 am

তেলেংগানাৰ মহাবুবনগৰ জিলাৰ এজন ৩০ বছৰীয়া যুৱকৰ মৃত্যু হোৱা বুলি বৃহস্পতিবাৰে (১৮ ছেপ্টেম্বৰ, ২০২৫) জানিব পৰা গৈছে। মৃতকৰ পৰিয়ালৰ লোকে জনোৱা মতে, তেওঁৰ ৰুমমেটৰ সৈতে হোৱা কাজিয়াৰ ফলত মাৰ্কিন আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

মৃতক মহম্মদ নিজামুদ্দিনৰ পিতৃ মহম্মদ হাছনুদ্দিনে পুত্ৰৰ এজন বন্ধুৰ পৰা পোৱা তথ্যৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইক জনাইছে যে, এই কাণ্ড ৩ ছেপ্টেম্বৰত সংঘটিত হৈছিল যদিও সঠিকভাৱে কি হৈছিল সেয়া স্পষ্ট নহয়।

পিতৃয়ে কয়,তেওঁৰ পৰা পোৱা তথ্য অনুসৰি এটা ক্ষুদ্ৰ বিষয়ক লৈ এই কাজিয়া সংঘটিত হৈছে।কিন্তু ঘটনাৰ সবিশেষৰ বিষয়ে তেওঁ স্পষ্ট নহয়।

মহম্মদ হাছনুদ্দিনে কয় যে, বৃহস্পতিবাৰে (১৮ ছেপ্টেম্বৰ, ২০২৫) পুৱা তেওঁলোকে এই তথ্য লাভ কৰিছিল। মহম্মদ হাছনুদ্দিনে নিজৰ পুত্ৰৰ মৃতদেহ মহাবুবনগৰলৈ ঘূৰাই অনাত সহায় কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক অনুৰোধ জনাইছে।

জয়শংকৰক উদ্দেশ্যি লিখা পত্ৰখনত হাছনুদ্দিনে কয়, ‘আজি পুৱা মই গম পালোঁ যে তেওঁক (নিজামুদ্দিনক) চান্টা ক্লাৰা আৰক্ষীয়ে গুলীয়াই হত্যা কৰিছে, আৰু তেওঁৰ মৃতদেহ কেলিফৰ্ণিয়াৰ চান্টা ক্লাৰাৰ কোনোবা চিকিৎসালয়ত আছে।আৰক্ষীয়ে তেওঁক গুলীয়াই হত্যা কৰাৰ প্ৰকৃত কাৰণ মই নাজানো।’

মহম্মদ হাছনুদ্দিনে মন্ত্ৰীগৰাকীক অনুৰোধ কৰে যে, ‘ৱাশ্বিংটন ডিচিত থকা ভাৰতৰ দূতাবাস আৰু ছান ফ্ৰান্সিস্কোত থকা ভাৰতৰ কনছুলেট জেনেৰেলক তেওঁৰ পুত্ৰৰ মৃতদেহ মহাবুবনগৰলৈ অনাত সহায় কৰিবলৈ অনুৰোধ জনাইছোঁ।’

সংবাদ মাধ্যমৰ সৈতে পত্ৰখন শ্বেয়াৰ কৰা মাজলিছ বাচাও তাহৰিক (এম বি টি)ৰ মুখপাত্ৰ আমজেদ উল্লা খানে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীক এই বিষয়ত পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনায়।

হাছনুদ্দিনে কয় যে, তেওঁৰ পুত্ৰই আমেৰিকাত এম এছ সম্পূৰ্ণ কৰাৰ পিছত আমেৰিকাত চফটৱেৰ পেছাদাৰী হিচাপে কাম কৰি আছিল।