NORTHEAST NOW (Assamese)

পুনৰ ৰাজ্যত ৪.১ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, অভিকেন্দ্ৰ ঢেকীয়াজুলি

January 8, 2026 8:03 pm · এন ই নাও নিউজ, গুৱাহাটী

বৃহস্পতিবাৰে সন্ধিয়া ৰাজ্যত ৪.১ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভুত হয়। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য।

সন্ধিয়া ৬:৩০ বজাত সংঘটিত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঢেকীয়াজুলি চহৰৰ পৰা ১৪ কিলোমিটাৰ দূৰত্বত। গুৱাহাটীতো এই ভূমিকম্পৰ সামান্য জোকাৰণি অনুভুত হয়।

চুবুৰীয়া দেশ ভূটানতো এই ভূমিকম্প অনুভুত হয়।

সপ্তাহটোৰ আৰম্ভণিতে সোমবাৰে পুৱা ৪:১৭ বজাত মধ্য অসমৰ লগতে উত্তৰ-পূবৰ অন্যান্য অঞ্চলত ৫.১ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভুত হৈছিল। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও জিলাত ৫০ কিলোমিটাৰ গভীৰত (২৬.৩৭° উত্তৰ, ৯২.২৯° পূব) গভীৰতাত।

ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ কেইবাখনো জিলা কামৰূপ, নগাঁও, কাৰ্বি আংলং, ডিমা হাচাও, যোৰহাট, শিৱসাগৰ, কাছাৰ, ধুবুৰী, দৰং, শোণিতপুৰ, লখিমপুৰকে ধৰি বাসিন্দাসকলে কম্পন অনুভৱ কৰিছিল।  

Related News