NORTHEAST NOW (Assamese)

জুবিনক লৈ শোকস্তব্ধ পৰিৱেশৰ মাজতে সোণাপুৰত মৃত অৱস্থাত উদ্ধাৰ ৪৮ বছৰীয়া অনুৰাগী

October 27, 2025 12:30 pm · এন ই নাও নিউজ, গুৱাহাটী

দেওবাৰে ৰহস্যজনক পৰিস্থিতিত এজন ৪৮ বছৰীয়া যুৱকক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে। প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ কথা উল্লেখ কৰি এটি টোকা এৰি থৈ যোৱা বুলিও জানিব পৰা গৈছে। দ্য আছাম ট্ৰিবিউন কাকতৰ বাতৰিত এই কথা পোহৰলৈ আহিছে।

সোণাপুৰৰ সমীপৰ মালয়বাৰীত সংঘটিত হোৱা এই কাণ্ডই যোৱা মাহত অসমৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি অব্যাহত থকা আৱেগিক ঢৌক আৰু অধিক তীব্ৰতৰ কৰি তুলি ধৰিছে।

আৰক্ষীয়ে নিহত লোকজনক শৰৎ কলিতা বুলি চিনাক্ত কৰিছে। গছত ওলমি থকা অৱস্থাত তেওঁৰ মৃতদেহটো আৱিষ্কাৰ কৰা হয়। পকেটত উদ্ধাৰ হৈছে গাৰ্গৰ কথা সুঁৱৰি লিখা এটি টোকা। ঘটনা সন্দৰ্ভত কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে।

কিংবদন্তি শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰ দিনাৰে পৰা সোণাপুৰৰ হাতীমুৰাৰ পাহাৰ চূড়াত থকা সমাধিস্থলীত প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাবলৈ হাজাৰ হাজাৰ অনুৰাগীয়ে জুবিন ক্ষেত্ৰত ভিৰ কৰি আহিছে।

অনুৰাগীৰ শোক আৰু প্ৰতিবাদৰ কেন্দ্ৰবিন্দুলৈ ৰূপান্তৰিত হৈছে জুবিন ক্ষেত্ৰ।  কিয়নো জুবিনৰ মৃত্যুৰ পৰিস্থিতিক লৈ মানুহে ন্যায়ৰ দাবী অব্যাহত ৰাখিছে।

Related News