NORTHEAST NOW (Assamese)
অসম

পুনৰ ভূমিকম্প! নেপালৰ কাঠমাণ্ডুৰ সমীপত ৬.১ প্ৰাবল্যৰ ভূমিকম্প; বিহাৰতো অনুভুত কম্পন

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 28, 2025 8:11 am

ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰৰ তথ্য অনুসৰি আজি (২৮ ফেব্ৰুৱাৰী) পুৱা নেপালৰ কাঠমাণ্ডুৰ সমীপত ৬.১ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পই  জোকাৰি গৈছে। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰই ভূমিকম্পৰ প্ৰাবল্য ৫.৫, গভীৰতা ১০ কিলোমিটাৰ বুলি প্ৰকাশ কৰিছে।

ছ’চিয়েল মিডিয়াত কেইবাটাও পোষ্ট আৰু ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে য’ত বিহাৰৰ পাটনাত কম্পন অনুভুত হোৱা বুলি উল্লেখ কৰা হৈছে।

ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰৰ তথ্য অনুসৰি কাঠমাণ্ডুৰ পৰা ৬৫ কিলোমিটাৰ পূবে অৱস্থিত সিন্ধুপালচৌক জিলাৰ কোদাৰী ঘাইপথৰ কাষত পুৱা ২.৫১ বজাত এই ভূমিকম্পটো ৰেকৰ্ড কৰা হয়।

ই নেপালৰ সিন্ধুপালচোক জিলাৰ ভৈৰব কুণ্ডৰ আশে-পাশে তিব্বতৰ সীমান্তৰে পাৰহৈ যোৱা হিমালয়ৰ পৰ্বতমালাৰ ওচৰত আঘাত কৰিছিল।

বৰ্তমান ভূমিকম্পৰ ফলত কোনো ধৰণৰ ক্ষতি বা হতাহতৰ কোনো তথ্য তাৎক্ষণিকভাৱে পোৱা হোৱা নাই।

উল্লেখ্য যে বৃহস্পতিবাৰে মাজনিশা অসমতো এক শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভুত হৈছিল।