NORTHEAST NOW (Assamese)
Popular Stories

নাবালিকা প্ৰেমিকাক পতিতালয়ত বিক্ৰী কৰি গ্ৰেপ্তাৰ হ’ল ৬ সন্তানৰ পিতৃ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 6, 2020 12:33 pm
2-28-1140x570

অসমৰ এগৰাকী নাবালিকাক প্ৰেমৰ অভিনয়েৰে ফুচুলাই নি শিলিগুৰিৰ পতিতালয়ত বিক্ৰীৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৬ সন্তানৰ এগৰাকী পিতৃৰ বিৰুদ্ধে।

সূত্ৰৰ খবৰ অনুসৰি গোৱালপাৰাৰ বাসিন্দা অভিযুক্ত ৬ সন্তানৰ পিতৃ মহম্মদ ছফিউৰে ঘৰৰ সমীপৰে এগৰাকী নাবালিকাৰ সৈতে গোপনে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰে।

প্ৰেমৰ সম্পৰ্ক গভীৰ হোৱাত নাবালিকাগৰাকীয়ে ছফিউৰক বিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে।

ইয়াৰ পিছতে অভিযুক্ত ছফিউৰে নাবালিকা প্ৰেমিকাক বিয়া কৰোৱাৰ প্ৰলোভনেৰে কোচবিহাৰলৈ লৈ যায়।

কোচবিহাৰত প্ৰথমে হোটেলত ৰাত্ৰি যাপন কৰাৰ পিছতে ছফিউৰে নাবালিকা প্ৰেমিকাক শিলিগুৰিৰ পতিতালয়ৰ এগৰাকী দালালৰ হাতত বিক্ৰী কৰে।

ইফালে নাবালিকা গৰাকী নিখোজ হোৱাত আৰক্ষীৰ দ্বাৰস্থ হয় পৰিয়ালৰ লোক।

পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ছফিউৰক জেৰা কৰাত প্ৰকৃত সত্য পোহৰলৈ আহে।

ছফিউৰে নাবালিকা গৰাকীক শিলিগুৰি এগৰাকী মহিলাৰ ওচৰত বিক্ৰী কৰিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে।

ছফিউৰ স্বীকাৰোক্তিৰ ভিত্তিত শিলিগুৰিৰ উক্ত মহিলাগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে নাবালিকা গৰাকীকো উদ্ধাৰ কৰিছে।

আৰক্ষীয়ে নাবালিকা গৰাকীক নিজ গৃহলৈ প্ৰেৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিছে।

ইফালে মানৱ সৰবৰাহৰ উক্ত চক্ৰটোৰ সৈতে আৰু কোন কোন জড়িত আছে তাৰো অনুসন্ধান চলাইছে আৰক্ষীয়ে।