NORTHEAST NOW (Assamese)
অসম

ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত ২১ টা স্বৰ্ণসহ অসমৰ মুঠ ৬৪ পদক অৰ্জন

Posted by: এন ই নাও নিউজ June 30, 2018 10:47 am
ৰাষ্ট্ৰীয় সাঁতোৰ

পুণেৰ বালেৱাডী ক্ৰীড়া প্ৰকল্প চৌহদত শুকুৰবাৰে সামৰণি পৰা ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ আৰু জুনিয়ৰ সাঁতোৰ চেম্পিয়নশ্বিপত অসমৰ প্ৰতিযোগীয়ে ২১টা স্বৰ্ণ পদকসহ মুঠতে ৬৪টা পদক অৰ্জন কৰিছে।

এই ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাখনত ছোৱালীৰ গ্ৰুপ-৪ আৰু ল’ৰাৰ  গ্ৰুপ-২ত অসমে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে।

শুকুৰবাৰে অন্তিম দিনা অসমে ১ টা সোণ, ৩ টা ৰূপ, ৩ টা ব্ৰঞ্জেৰে মুঠ ৭ টা পদক অৰ্জন কৰে। ছোৱালীৰ ৫০ মিটাৰ ফ্ৰী ষ্টাইলত আৰ্হি বুঢ়াগোহাঁয়ে সোণ, ল’ৰাৰ ১০০ মিটাৰ বাটাৰফ্লাইত বিক্ৰম চাংমায়ে ৰূপ, ৫০ মিটাৰ ফ্ৰী ষ্টাইলত অংশুমান কাশ্যপে ৰূপ আৰু ছোৱালীৰ ৫০ মিটাৰ ফ্ৰী ষ্টাইলত শিৱাংগী শৰ্মাই ৰূপৰ পদক লাভ কৰে।

একেদৰে ল’ৰাৰ ৪০০ মিটাৰ ফ্ৰী ষ্টাইলত জ্ঞানসন্ধান কাশ্যপ, ছোৱালীৰ ২০০ মিটাৰ বাটাৰফ্লাইত অনুভূতি বৰুৱা আৰু ৫০ মিটাৰ বাটাৰফ্লাইত লাভলিন দাসে ব্ৰঞ্জৰ পদক লাভ কৰে।

অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে প্ৰেৰণ কৰা বাৰ্তা অনুসৰি ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাখনত অসমে যথেষ্ট ভাল প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হৈছে।