NORTHEAST NOW (Assamese)
উত্তৰ-পূব

জিলা প্ৰশাসনৰ নিৰ্দেশত আইজলৰ আৱাসিক এলেকাত ভূ-পতিত অট্টালিকা

Posted by: এন ই নাও নিউজ June 30, 2018 10:25 am
b-4-570x320

মিজোৰামৰ ৰাজধানী আইজলৰ হানথাৰ আৱাসিক এলেকাত এটা ৪ মহলীয়া অট্টালিকা ভূ-পতিত কৰোৱা হয়। আইজলৰ জিলা প্ৰশাসনৰ নিৰ্দেশত এই অট্টালিকাটো ধ্বংস কৰা হয়।

উল্লেখ্য যে এই অট্টালিকাটো অসুৰক্ষিত বুলি প্ৰতিৱেদন লাভ কৰাৰ পাছত আইজলৰ উপায়ুক্ত ড০ এ মুথাম্মাই যোৱা ১০ জুনত ইয়াৰ আৱাসীসকলক অট্টালিকাটো খালি কৰাৰ নিৰ্দেশ দিয়াৰ লগতে নিয়ন্ত্ৰিতভাৱে ধ্বংস (Controlled Demolition) কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল।

উল্লেখ্য যে আৱাসীসকলৰ নিৰাপত্তাৰ দিশটো বিৱেচনা কৰি এই অট্টালিকাটোত নিয়ন্ত্ৰিত ধ্বংস প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে ধ্বংসকাৰ্যৰ ফলত উদ্ভৱ হোৱা কম্পনৰ দ্বাৰা প্ৰভাৱিত হৈ ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থকা ওচৰৰ কেইটামান অসুৰক্ষিত অট্টালিকাৰ পৰাও আৱাসীসকলক আঁতৰ কৰা হৈছিল।

শুকুৰবাৰে এই অট্টালিকাটো ধ্বংস কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয় আবেলি ৩-০০ মান বজাত অট্টালিকাটো ভাঙি পৰে।

উল্লেখ্য যে যোৱা বছৰৰ পৰা মাটি খহি থকাৰ ফলত অট্টালিকাটো যিকোনো মুহূৰ্ততে ভাঙি পৰাৰ সম্ভৱনা আছিল।

উল্লেখ্য যে এই অট্টালিকাটোৰ মালিক আছিল, অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল  মুখ্য মন্ত্ৰী লাল থানহাওলাৰ বৌয়েক বি ছাইৰেনপুই। ভূমি-ক্ষয়ৰ দ্বাৰা এই অট্টালিকাটোৰ লগতে আন এটা অট্টালিকাও প্ৰভাৱিত হৈছে।

যোৱা বছৰ এটা তিনি মহলীয়া অট্টালিকা ভাঙি পৰাৰ পাছত স্থানীয় প্ৰশাসনে আন ৬টা ধ্বংস-প্ৰৱণ অট্টালিকাও ভূপতিত কৰিছিল।