NORTHEAST NOW (Assamese)
অসম

অসমকে ধৰি ১৯খন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী বতৰ বিজ্ঞান বিভাগৰ

Posted by: এন ই নাও নিউজ June 30, 2018 9:47 am
22blweather_jpg_508574f

অসমকে ধৰি ১৯খন ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান বিভাগে।দেশৰ সকলো অঞ্চলক বাৰিষাই সামৰি লোৱা বুলি শুকুৰবাৰে বিভাগটোৱে প্ৰকাশ কৰে। বতৰ বিজ্ঞান বিভাগৰ মতে সমগ্ৰ দেশত প্ৰায় এপষেকৰ আগতেই এইবাৰ বাৰিষা আৰম্ভ হ’ব।

উল্লেখযোগ্য যে সাধাৰণতে ১৬ জুলাইৰ পৰাহে সমগ্ৰ দেশত বাৰিষা আৰম্ভ হ’য়। বতৰ বিজ্ঞান বিভাগে লগতে সতৰ্কবাণী শুনাইছে যে অহা দুদিনত দেশৰ প্ৰায় ১৯খন ৰাজ্যত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

তেওঁলোকৰ মতে অহা দুদিনত অসমৰ উপৰি অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম, পশ্চিম বংগকে ধৰি কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৰষুণ হ’ব। আনহাতে ২ আৰু ৩ জুলাইতো অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়কে ধৰি কেইবাখনো ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে বুলি কোৱা হৈছে।

তেওঁলোকে লগতে ৪ আৰু ৫ জুলাইত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে।

বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণীৰ পৰা এটা কথা স্পষ্ট হৈছে যে এইবাৰ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বৃষ্টিপাতৰ হাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। প্ৰবল বৃষ্টিপাতৰ ফলত সৃষ্টি হ’ব পৰা বানপানীয়ে অঞ্চলটোত যথেষ্ট ক্ষতি কৰাৰ শংকাও আছে।