চামগুৰিত ৰহস্যজনকভাৱে বৃদ্ধি বিদ্যুৎ মাচুল : ভুক্তভোগী ৰাইজৰ প্ৰতিক্ৰিয়া

নগাঁও জিলাৰ চামগুৰিস্থিত অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত নামৰ বিদ্যুৎ বিভাগৰ অধীনস্থ কোম্পানীটোৰ চামগুৰি উপ সংমণ্ডল বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত প্ৰায় লক্ষাধিক গ্ৰাহকৰ মে’ মাহৰ বিদ্যুতৰ মাচুল অত্যাধিক পৰিমানে বৃদ্ধি হোৱাত ভূক্তভোগী গ্ৰাহক ৰাইজ হতাশগ্ৰস্ত হৈ পৰা পৰিলক্ষিত হৈছে।
জানিব পৰা মতে, একাংশ গ্ৰাহকৰ এপ্ৰিল মাহৰ বিদ্যুতৰ মাচুল তিনিশৰ পৰা ছশ টকাকৈ অহাৰ বিপৰীতে মে’ মাহৰ বিদ্যুতৰ মাচুল অত্যাধিক পৰিমাণে বৃদ্ধি হৈ আহিছে ৷ উক্ত সময়ৰ ব্যৱধানত কেনেকৈ আঠশৰ পৰা দুইহাজাৰ পৰ্যন্ত মাচুল বৃদ্ধি হ’ল, তাকলৈয়ো প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগী গ্ৰাহক ৰাইজে ৷
আনহাতে ৰাজ্য চৰকাৰৰ শক্তি মন্ত্ৰী সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত বিদ্যুতৰ মাচুলো হঠাৎ ৰহস্যজনকভাৱে বৃদ্ধি কৰা হ‘ল নেকি বুলি সম্প্ৰতি চামগুৰি, পুৰণিগুদাম, বৰবাৰী, বামুনী, চাপানলা, কাঠপাৰা, আমবাগান, লাওখোৱা আদি অঞ্চলত সাধাৰণ জনতাৰ মাজত সৰৱ চৰ্চা চলা পৰিলক্ষিত হৈছে।
বৃহত্তৰ চামগুৰি অঞ্চলত বিদ্যুতৰ যোগান অনিয়মীয়া হোৱাৰ লগতে বিদ্যুতৰ সঘন লুকাভাকুত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকল বহু অসুবিধাৰ সম্মুখীন হৈ আহিছে। দিনটোৰ ২৪ ঘন্টাৰ ভিতৰত ১৬ ঘন্টাই বিদ্যুতৰ যোগান ব্যাহত হোৱাৰ সমান্তৰালভাৱে দৰিদ্ৰ গঞাক বিদ্যুতৰ মাচুলে এইবাৰ মাধমাৰ সোধাইছে বুলি জিলাখনৰ সচেতন মহলে অভিযোগ উত্থাপন কৰিছে।
এই ক্ষেত্ৰত নতুন শক্তি মন্ত্ৰী তপন গগৈক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সচেতন ৰাইজে দাবী জনাইছে ৷