NORTHEAST NOW (Assamese)
Popular Stories

বৈধ নথি পত্ৰবিহীন ৫ লাখ ভাৰতীয়ক নাগৰিকত্ব দিব আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 8, 2020 7:31 pm
image

আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে দেশখনত কৰ্মৰত ১ কোটি মানুহক নাগৰিকত্ব প্ৰদান কৰিব। ইয়াৰ ভিতৰত ৫ লাখ ভাৰতীয় লোকো আছে।

সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ মতে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি বিডেনে এই বৃহৎসংখ্যক প্ৰব্ৰজিতত নাগৰিকক স্থায়ী নাগৰিকত্ব প্ৰদানৰ ৰোডমেপ তৈয়াৰ কৰিব।

ইফালে ডেম’ক্ৰেট দলৰ নিৰ্বাচনী ইস্তাহাৰত এই প্ৰতিশ্ৰুতি দিয়া হৈছিল বুলি উল্লেখ কৰি আৰু কোৱা হৈছে যে প্ৰতি বছৰে বিভিন্ন দেশৰ পৰা আমেৰিকালৈ প্ৰব্ৰজন কৰা ৯৫ হাজাৰ শৰণাৰ্থীকো আমেৰিকাই আশ্ৰয় প্ৰদান কৰিব।

“জীৱিকাৰ বাবে হাজাৰ হাজাৰ মানুহৰ পৰিবাৰ যাতে ভাঙি নাযায়, তেওঁলোক যাতে পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈ নাযায় তাৰ বাবে প্ৰব্ৰজন আইনৰ আমূল সংস্কাৰ কৰা হ’ব। ক্ষমতালৈ অহাৰ লগে লগেই আমেৰিকান কংগ্ৰেছত এই বিষয়ে আলোচনা আৰম্ভ কৰা হ’ব; যাতে কোনো বৈধ নথিপত্ৰ নোহোৱাকৈয়ে ১ কোটি মানুহক দেশখনত স্থায়ী নাগৰিকত্ব প্ৰদান কৰা সম্ভৱ হয়। ইয়াৰ মাজত ৫ লাখ ভাৰতীয় লোকো আছে।” বিডেনৰ নিৰ্বাৰ্চনী ইস্তাহাৰত এই ঘোষণা কৰা হৈছিল।

আনকি এই পাৰিবাৰিক প্ৰব্ৰজনৰ দিশটোক অধিক গুৰুত্ব প্ৰদান কৰা হ’ব বুলিও কোৱা হৈছিল ইস্তাহাৰত।

প্ৰতি বছৰে ৯৫ হাজাৰ প্ৰব্ৰজিত লোকক আশ্ৰয় প্ৰদান কৰিবলৈ সংকল্প লোৱা বিডেন প্ৰশাসনে এই সংখ্যা পৰৱৰ্তী বছৰসমূহত আৰু বৃদ্ধি কৰিব।

আগন্তুক বছৰসমূহত এই সংখ্যা বৃদ্ধি কৰি ১ লাখ ২৫ হাজাৰ প্ৰব্ৰজিত লোকক শৰণাৰ্থী হিচাপে আশ্ৰয় দিয়া হ’ব বুলিও জানিব পৰা গৈছে।