NORTHEAST NOW (Assamese)
অসম

অচিৰেই অন্ত পৰিব সস্তাতে “ম’বাইল ডেটা” পোৱাৰ যুগ; Jio-কে ধৰি সকলোৱে বঢ়াব ডেটা প্লেনৰ দাম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 22, 2019 7:05 pm
jio

দেশত চলি থকা প্ৰায় সকলো টেলিকম কোম্পানিয়েই ইয়াৰ ডেটা ৰিচাৰ্জ পেকৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্তৰ দিশে আগ বঢ়াৰ পৰিপ্ৰেক্ষিতত অচিৰেই সস্তাতে ম’বাইল ডেটা পোৱাৰ যুগৰ অন্ত পৰাৰ সম্ভাৱনাই দেখা দিছে।

Jio, Vodafone Idea, Airtel-কে ধৰি প্ৰায়বোৰ টেলিকম কোম্পানিৰ ভিতৰুৱা খবৰ মতে, অহা মাহৰ পৰাই এইবোৰৰ প্ৰিপেইড টেৰিফ প্লানৰ দাম ২০ শতাংশ বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত।

মুকেশ আম্বানিৰ Reliance Jio-ই আজি তিনি বছৰ পূৰ্বে সূচনা কৰা বিনামূলীয়া ভইচ কল আৰু তুলনামূলকভাৱে কেইবাগুণ সস্তাত ডেটা দিয়াৰ পিছত ভাৰতৰ গ্ৰাহকসকল দৈনিক অতি কম টকাৰ বিনিময়ত পৰ্য্যাপ্ত ডেটা ব্যৱহাৰত অভ্যস্ত হৈ পৰিছিল।

Jio-ৰ এই বৃহৎ অফাৰে আন আন টেলিকম কোম্পানিবোৰৰ গ্ৰাহকৰ খহনীয়া সৃষ্টি কৰিছিল। ইয়াৰোপৰি বাকীবোৰ কোম্পানিয়েও তেওঁলোকৰ টেৰিফ প্লান সলাই কম দামত ডেটা আগ বঢ়াবলৈ বাধ্য হৈছিল।

যোৱা মাহত Jio-ই বিনামূলীয়া ভইচ কলৰ ঠাইত ইয়াৰ গ্ৰাহকসকলক অন্য টেলিকম কোম্পানিলৈ ফোন কৰিলে (ম’বাইলৰ পৰা ম’বাইললৈ) কৰিলে প্ৰতি মিনিটত ৬ পইচাকৈ চাৰ্জ আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।

সূত্ৰটোৰ মতে, যিসকলে নৱেম্বৰৰ ভিতৰত তিনি মহীয়া বা তাতকৈ অধিক দিনৰ প্লান ৰিচাৰ্জ কৰিব তেওঁলোকে অৱশ্যে এতিয়াৰ হাৰতে ডেটা লাভ কৰিব।