NORTHEAST NOW (Assamese)
অসম

আছুৰ ভূমিকাই মুখ্য, অগপৰ ছাত্ৰ সংগঠনৰ আঁৰত কাৰোবাৰ উচতনি থাকিব পাৰে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 22, 2019 6:45 pm
Who to vote this loksabha election? Former Assam CM Mahanta clarifies his stance

প্ৰফুল্ল কুমাৰ মহন্তই শুকুৰবাৰে কৈছে অসম গণ পৰিষদৰ নতুন ছাত্ৰ সংগঠনটো গঠনৰ আঁৰত “কাৰোবাৰ উচতনি” থাকিব পাৰে।

দলটোৰ প্ৰতিষ্ঠাপক, অসমৰ দুবাৰৰ মুখ্য মন্ত্ৰীগৰাকীয়ে অসম ছাত্ৰ পৰিষদ নামৰ সংগঠনটো খোলাক লৈ মুকলি অসন্তুষ্টি প্ৰকাশ কৰিছে।

নতুন সংগঠনটো গঠন কৰা বৃহস্পতিবাৰৰ সভাখনলৈ তেওঁক মতা নাছিল বুলি জনাই মহন্তই কয় যে মাতিলেও তেওঁ নগ’লহেঁতেন।

“মোক কালিৰ অনুষ্ঠানলৈ মতা নাই। মতাহেঁতেনো নগ’লো হ’লে। ছাত্ৰ সংগঠন কৰিলেই ৰাজনৈতিক দল শক্তিশালী হ’ব বুলি মই নাভাবো,” মহন্তই গুৱাহাটীৰ হোটেল অম্বৰীশত সংবাদমেলযোগে কয়।

অগপ সভাপতি অতুল বৰাই দলক শক্তিশালী কৰা আৰু নতুন নেতা গঢ়াৰ স্বাৰ্থত সংগঠনটো খোলা বুলি মন্তব্য কৰিছিল।

কিন্তু, সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা অসম আন্দোলনৰ নেতৃত্ব দি অহা মহন্তই আছুকহে অগ্ৰাধিকাৰ দিছে।

“কংগ্ৰেছৰ NSUI আছে, CPI, CPMৰো আছে। তথাপি তেওঁলোকৰ উত্থান হোৱা নাই। অসমৰ জাতীয় সমস্যা সমাধানৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই ভূমিকা লোৱা উচিত,” মহন্তৰ মত।

মহন্তৰ উপৰি অসমৰ আন বহু লোকেও ইতিমধ্যে চ’চিয়েল মিদিয়াত প্ৰশ্ন তুলিছে– ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা সৃষ্টি হোৱা অঞ্চলিকতাবাদী অগপই কিয় খুলিছে নতুন ছাত্ৰ সংগঠন?

অগপৰ সাধাৰণ সভাই শেহতীয়াকৈ সংবিধান সংশোধনেৰে সংগঠনটো গঠনৰ সিদ্ধান্ত লোৱা বুলি বাতৰিত প্ৰকাশ।

বৰ্তমানো অগপৰ শীৰ্ষ নেতৃত্বৰ লগতে তৃণমূলৰ নেতা-কৰ্মীসকল মূলতঃ আছুৰ মজিয়াৰ পৰা অহা আৰু তেওঁলোক অসমৰ জাতীয়তাবাদী-আঞ্চলিকতাবাদী শিৱিৰৰ।

মহন্ত, ভৃগু ফুকনৰ পৰা আৰম্ভ কৰি অতুল বৰা, কেশৱ মহন্ত হৈ শেহতীয়াকৈ অগপত যোগ দিয়া নেতাসকললৈকে সকলোৱেই আছুৰ পৰা অহা।

ছবছৰীয়া বিদেশী বিতাড়ন আন্দোলনৰ নেতৃত্ব দিয়া আছু নেতাসকলেই মূলতঃ অগপ গঠন কৰি ১৯৮৫ চনত অসমত চৰকাৰ গঠন কৰিছিল।

চুক্তি স্বাক্ষৰকাৰী মহন্ত আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু প্ৰয়াত ভৃগু কুমাৰ ফুকন সাধাৰণ সম্পাদক আছিল।