NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ আতংক; পৰীক্ষাৰ অবিহনে নাৰ্ছাৰী পৰা অষ্টম শ্ৰেণীলৈকে উত্তীৰ্ণ কৰা হ’ব শিক্ষাৰ্থীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 30, 2020 8:55 pm
index.jpg6

ক’ৰ’না ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰততো চলাই সংহাৰ।

এই মাৰাত্মক ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দেশত অব্যাহত আছে ২১ দিনীয়া ল’কডাউন।

তেনে এক সময়তে আজি দিল্লীৰ আপ চৰকাৰর শিক্ষামন্ত্ৰী মনীষ চিচোড়িয়াই দিল্লীত নাৰ্ছাৰী পৰা অষ্টম শ্ৰেণীলৈকে কোনো পৰীক্ষা অনুষ্ঠিত নকৰাকৈয়ে শিক্ষাৰ্থীসকলক উত্তীৰ্ণ কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।

আনহাতে নৱম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত অতি শীঘ্ৰেই চিবিএছই সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি দিল্লীৰ শিক্ষামন্ত্ৰী চিচোড়িয়াই জানিবলৈ দিয়ে।

তেওঁ লগতে কয় যে দ্বাদশ আৰু দশম শ্ৰেণীৰ বাবে অনলাইন ক্লাছৰ ব্যৱস্থা প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু ক্লাছসমূহ এপ্ৰিলৰ প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰা হ’ব।