NORTHEAST NOW (Assamese)
দেশ

লক্ষ্য স্বচ্ছ নিৰ্বাচন: নিৰ্বাচন আয়ুক্তৰ নিযুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 2, 2023 1:15 pm
Supreme Court on Election Commission Appointments

দেশৰ নিৰ্বাচনৰ স্বচ্ছতা বজাই ৰখাৰ স্বাৰ্থত আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিছে এক গুৰুত্বপূৰ্ণ ৰায়। শীৰ্ষ আদালতৰ নিৰ্দেশাৱলী অনুসৰি নিৰ্বাচন আয়ুক্তসকলক প্ৰধানমন্ত্ৰী, বিৰোধী দলৰ নেতা আৰু ভাৰতৰ মুখ্য ন্যায়াধীশকে ধৰি গঠিত এক পেনেলে নিযুক্তি দিব।

ন্যায়াধীশ কে এম জোচেফৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে কয় যে নিৰ্বাচন নিঃসন্দেহে স্বচ্ছ হ’ব লাগে আৰু এই স্বচ্ছতা বজাই ৰখাটো নিশ্চিত কৰাত ভাৰতৰ নিৰ্বাচন আয়োগৰ ভূমিকা আছে।

বিচাৰপীঠে কয় যে, গণতন্ত্ৰত নিৰ্বাচনৰ স্বচ্ছতা অটুট ৰাখিব লাগিব। নহ’লে ইয়াৰ বিপজ্জনক পৰিণতি হ’ব।

নিৰ্বাচনৰ স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই সেয়েহে দেশজুৰি নিৰ্বাচনৰ তদাৰক কৰা মুখ্য নিৰ্বাচন আয়ুক্ত আৰু দুগৰাকী নিৰ্বাচন আয়ুক্তক এই সমিতিৰ পৰামৰ্শমতে নিযুক্তি দিয়া হ’ব বুলি বিচাৰপীঠে কয়।

সংসদৰ দ্বাৰা আইন গৃহীত নোহোৱালৈকে নিৰ্বাচন আয়ুক্ত নিযুক্তিৰ এই নতুন প্ৰথা বলবৎ কৰা হ’ব বুলি বিচাৰপীঠে লগতে স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে, বৰ্তমান প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে মুখ্য নিৰ্বাচনী আয়ুক্ত আৰু দুজন আয়ুক্তক নিযুক্তি দিয়ে।