NORTHEAST NOW (Assamese)
অসম

নগাঁৱত বাঘৰ আক্ৰমণত ৬০ বছৰীয়া ব্যক্তিৰ মৃত্যু

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 22, 2024 9:43 pm

দেওবাৰে নগাঁৱৰ এখন চাহ বাগিচাত বাঘৰ আক্ৰমণত মৃত্যু হয় এজন ব্যক্তিৰ।

শেহতীয়া তথ্য অনুসৰি দেওবাৰে পুৱা কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচাৰ সমীপত ৬০ বছৰীয়া বাসুদেৱ কৰ্মকাৰ নামৰ এজন ব্যক্তিৰ অংগ বিচ্ছিন্ন অৱশিষ্ট উদ্ধাৰ হয়।

জানিব পৰা মতে শনিবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল বাসুদেৱ কৰ্মকাৰ।

পৰিয়ালৰ লোকে জনোৱা মতে, ছাগলীৰ খাদ্য সংগ্ৰহৰ বাবে ওলাই গৈছিল ব্যক্তিগৰাকী।

ছাগলীৰ খাদ্য সংগ্ৰহ কৰি থকা অৱস্থাতে বাঘৰ আক্ৰমণৰ বলি হোৱা বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে একেটা বাঘে শনিবাৰে একেটা অঞ্চলতে আন এগৰাকী মহিলাক আক্ৰমণ কৰিছিল বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে।