NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ধিক! টকাৰ লালসাত ৭২ বছৰীয়া বৃদ্ধৰ সৈতে নিজৰ ১২ বছৰীয়া কন্যাক বিয়া দিবলৈ হেঁচা পিতৃৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 16, 2024 7:04 pm

ছোৱালীজনীৰ বয়স মাত্ৰ ১২ বছৰ। পাত্ৰৰ বয়স শুনিলে চকু কপালত উঠিব। স্বামী কইনাতকৈ ৬০ বছৰ ডাঙৰ। অৰ্থাৎ তেখেতৰ বয়স ৭২ বছৰ।

পাকিস্তানৰ খাইবাৰ পখতুনখোৱা চহৰৰ চৰছাদ্দাত সংঘটিত হৈছে এই ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, পিতৃ চৈয়দ আলমে নাবালিকাগৰাকীক কাৰ্যতঃ বিয়াৰ নামত ৭২ বছৰীয়া বৃদ্ধৰ ওচৰত বিক্ৰী কৰিব বিচাৰিছিল।

চৈয়দে পাকিস্তানী মুদ্ৰাত ৫ লাখ টকাৰ বিনিময়ত ৭২ বছৰীয়া হাবিব খানৰ লগত কন্যাক বিয়া দিবলৈ সন্মত হয়।

কিন্তু, বিয়াৰ আগতেই এই খবৰ লাভ কৰে আৰক্ষীয়ে। তাৰপিছত দৰা আৰু নাবালিকাৰ পিতৃ দুয়োকে গ্ৰেপ্তাৰ কৰা হয়।

জানিব পৰা মতে, আৰক্ষীয়ে শিশু বিবাহ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰিছে।

শেহতীয়াকৈ পাকিস্তানৰ ৰাজনপুৰ আৰু থাট্টাত এনে কেইবাটাও বাল্যবিবাহৰ চেষ্টা আৰক্ষীৰ দ্বাৰা বিফল হৈছে। কিছুদিনৰ আগতে ৰাজনপুৰত এগৰাকী ১১ বছৰীয়া নাবালিকাক বিয়া কৰাবলৈ চেষ্টা কৰি গ্ৰেপ্তাৰ হৈছিল এজন ৪০ বছৰীয়া পুৰুষ।