NORTHEAST NOW (Assamese)
দেশ

অৰবিন্দ কেজৰিৱালৰ পত্নীলৈ ন্যায়ালয়ৰ জাননী : সামাজিক মাধ্যমৰ পৰা কেজৰিৱালৰ ভাষণৰ ভিডিঅ’ ডিলিট কৰাৰ নিৰ্দেশ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 16, 2024 6:33 pm

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গ্ৰেপ্তাৰৰ পিছত আদালতত দিয়া ভাষণৰ ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে তেওঁৰ পত্নী সুনীতা কেজৰিৱালে। সেই ভিডিঅ’ আঁতৰাবলৈ দিল্লী উচ্চ ন্যায়ালয়ে সুনীতা কেজৰিৱাললৈ জাননী প্ৰেৰণ কৰিছে। ফেচবুক, ইনষ্টাগ্ৰাম, এক্স আৰু ইউটিউবকো নিৰ্দেশ দিছে ন্যায়ালয়ে। ভৱিষ্যতে এনে যিকোনো ভিডিঅ’ আঁতৰাই পেলাবলৈ নিৰ্দেশ দিছে দিল্লী উচ্চ ন্যায়ালয়ে।

উল্লেখযোগ্য যে আবকাৰী গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ হোৱাৰ পিছত আদালতৰ ভিতৰত কেজৰিৱালে দিয়া ভাষণৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। তেওঁৰ পত্নী সুনীতাইও আপৰ আন নেতা-কৰ্মীৰ দৰে সেই ভিডিঅ’টো পোষ্ট কৰিছিল সামাজিক মাধ্যমত। ইয়াৰ পিছত দিল্লী উচ্চ ন্যায়ালয়ত ৰাজহুৱা লেখ আবেদন দাখিল কৰা হয়। বৈভৱ সিং নামৰ এজন অধিবক্তাই এই আবেদন দাখিল কৰে।

উচ্চ ন্যায়ালয়ৰ মতে এই ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ কৰিব নোৱাৰিব। কাৰণ ই দিল্লী উচ্চ ন্যায়ালয়ৰ ভিডিঅ’ কনফাৰেন্সিং নিয়মৰ বিৰোধী। এই নিয়ম ২০২১ চনৰ পৰা কাৰ্যকৰী হৈছিল। নিয়ম অনুসৰি আদালতৰ কোনো ধৰণৰ কাৰ্য্যবিধি ভিডিঅ’ ৰেকৰ্ডিং কৰিব নোৱাৰিব। এনে ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিব নোৱাৰিব।