NORTHEAST NOW (Assamese)
দেশ

সুৰক্ষিত নহয় ই ভি এম, কৃত্ৰিম বুদ্ধিমত্তা আৰু মানুহে হেক কৰিব পাৰে : ইলন মাস্ক

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 16, 2024 4:50 pm

টেছলা আৰু এক্সৰ কাৰ্যবাহী বিষয়া ইলন মাস্কে মুকলিকৈ ইভিএমক লৈ আশংকা আৰু উদ্বেগ প্ৰকাশ কৰিছে। ইভিএমৰ ভুল হিচাপৰ কথা উল্লেখ কৰি তেওঁ শেহতীয়াকৈ প’ৰ্ট’ ৰিকোৰ নিৰ্বাচনত ইভিএম বিলুপ্ত কৰাৰ আহ্বান জনায়। তেওঁৰ মতে আমি ইভিএম বিলুপ্ত কৰা উচিত। কৃত্ৰিম বুদ্ধিমত্তা বা মানুহৰ জৰিয়তে ইভিএম হেক কৰাৰ সম্ভাৱনা এতিয়াও আছে।

কালি এক্সৰ ইলন মাস্কে কয়, “আমি ইভিএমসমূহ দূৰ কৰিব লাগিব। যদিও মানুহে বা কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা ইভিএম হেক কৰাৰ আশংকা কম, তথাপিও ইয়াৰ সম্ভাৱনা অতি বেছি।”

সেইবাবে মাক্সে ইভি এমৰ সলনি বেলট ভোট আনিলৈ আহ্বান জনাইছে।

প্ৰতিবেদন অনুসৰি ডমিনিয়ন ভোটিং চিষ্টেমছ নামৰ এটা কোম্পানীয়ে যোগান ধৰা ইভিএমত ভোট গণনাৰ সময়ত কিছু গুৰুতৰ সমস্যা লক্ষ্য কৰা হৈছিল। অভিযোগ অনুসৰি সেই ইভিএমসমূহে দিয়া ভোটৰ সংখ্যা সঠিকভাৱে গণনা কৰিব পৰা নাছিল। কিছুমান ক্ষেত্ৰত গণনাৰ পিছত মেচিনবোৰে দেখুওৱাতকৈ অধিক ভোট গণনা কৰা হৈছিল। কিছুমান মেচিনত আনকি শূন্য ভোটো দেখা গৈছিল। এই ক্ষেত্ৰত গোটেই সমস্যাটোক চফট্ ৱেৰৰ সমস্যা বুলি কোৱা হৈছে। প’ৰ্ট’ ৰিকোৰ নিৰ্বাচন আয়োগে কয় যে সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে। ইয়াৰ পূৰ্বে প’ৰ্ট’ ৰিকোৰ দুটা মূল ৰাজনৈতিক দলে ভোটৰ ফলত ফলাফলত ঠগবাজী হোৱাৰ অভিযোগ উত্থাপন কৰিছিল।